অসম

assam

ETV Bharat / entertainment

বিবাহ বিচ্ছেদ নিদিয়াকৈ দ্বিতীয় এগৰাকী নাৰীৰ স্বামী হৈ পৰিছিল এইসকল অভিনেতা - BOLLYWOOD ACTORS DIVORCE MARRIAGE

বলীউডত এনে তাৰকাও আছে যি প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে দ্বিতীয় এগৰাকীক পত্নীৰ মৰ্যাদা দিছিল ৷ মাত্ৰ এজনেহে পূৰ্বৰ পত্নীৰ পৰা লৈছিল অনুমতি ।

bollywood actors who married again without getting divorce
দ্বিতীয় এগৰাকীক পত্নীৰ মৰ্যাদা দিছিল এইসকল অভিনেতাই (Photo : IANS)

By ETV Bharat Entertainment Team

Published : Oct 25, 2024, 11:36 AM IST

Updated : Oct 25, 2024, 12:27 PM IST

হায়দৰাবাদ :প্ৰেম, অবৈধ সম্পৰ্ক, বিবাহ, বিবাদ, বিবাহ বিচ্ছেদ এই সকলোবোৰ কথা বলীউডৰ জগতখনত যেন তেনেই সাধাৰণ ! প্ৰতিদিনেই এনে ধৰণৰ খবৰ আহিয়ে বলীউডৰ পৰা ৷ শেহতীয়াকৈ অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে সাধাৰণ লোকৰ চকু কপালত তুলিছে ৷

বলীউডৰ জগতখনত সকলোবোৰ সাধাৰণ যেন লাগিলেও কিছুমান সম্পৰ্ক মানুহে আদৰ্শ হিচাপে লয় বা বহু চৰ্চিত যুটি গোটেই জীৱনজুৰি একেলগে থকাটো বিচাৰে ৷ সেই পৰিপ্ৰেক্ষিতত এনে যুটিৰ বিভাজনৰ খবৰে সকলোকে আঘাত দিয়াটো স্বাভাৱিক ৷

ঐশ্বৰ্য-অভিষেকো তেনে এটা যুটি, যি প্ৰিয় আৰু সন্মানীয় ৷ আনহাতে, অভিষেক বচ্চনৰ নাম তেওঁৰ সহ-অভিনেত্ৰী নিম্ৰত কৌৰৰ সৈতে সাঙোৰ খাই পৰিছে । এই চলি থকা বাতৰিবোৰৰ মাজতে আমি সেইসকল তাৰকাৰ তালিকা আনিছো যিয়ে প্ৰথা পত্নীক বিবাহ বিচ্ছেদ নিদিয়াকৈ দ্বিতীয় এগৰাকীক পত্নী হিচাপে জীৱনত অন্তৰ্ভুক্ত কৰিছিল ।

ছানী দেউলৰ পিতৃ

হিন্দী বোলছবি জগতৰ সুদৰ্শন অভিনেতা ধৰ্মেন্দ্ৰই প্ৰথমে প্ৰকাশ কৌৰক (ছানী দেওল-ববি দেউলৰ মাতৃ) বিয়া কৰাইছিল । অতীতৰ বহুতো অভিনেত্ৰী ধৰ্মেন্দ্ৰৰ প্ৰতি আকৰ্ষিত আছিল, যাৰ ভিতৰত জয়া বচ্চনৰ নামো আছে । এটা সময়ত ধৰ্মেন্দ্ৰৰ হৃদয় হিন্দী চিনেমাৰ ড্ৰীম গাৰ্ল হেমা মালিনীৰ ওপৰত আৱদ্ধ হৈ পৰে । ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে 1980 চনত ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত বিবাহ পাশত আৱদ্ধ হয় ।

প্ৰতীক বব্বৰৰ পিতৃ

হিন্দী চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰত অভিনয় কৰি বিখ্যাত হৈ পৰা অভিনেতা ৰাজ বব্বৰৰ নামো বিবাহ বিচ্ছেদ নিদিয়াকৈ বিবাহ পাশত আৱদ্ধ হোৱা অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে । ৰাজ বব্বৰৰ প্ৰথম পত্নী নাদিৰা থকা স্বত্বেও অভিনেত্ৰী স্মিতা পাটিলক তেওঁৰ দ্বিতীয় পত্নী কৰি আনিছিল । ৰাজ বব্বৰে 1983 চনত স্মিতা পাটিলক বিয়া কৰাইছিল আৰু 1986 চনত স্মিতাৰ মৃত্যু হৈছিল ।

হৃত্বিক ৰোশনৰ প্ৰাক্তন শহুৰেক

হৃত্বিক ৰোশনৰ প্ৰাক্তন শহুৰেক তথা অভিনেতা সঞ্জয় খানো বিবাহ বিচ্ছেদ অবিহনে বিবাহপাশত আৱদ্ধ হৈছিল । সঞ্জয়ৰ প্ৰথম পত্নী জাৰীন কাত্ৰক, যাৰ সৈতে অভিনেতাগৰাকীয়ে 1966 চনত বিবাহপাশত আৱদ্ধ হয় । ইয়াৰ পিছত সঞ্জয়ৰ প্ৰবীণ অভিনেত্ৰী জিনাত অমনৰ সৈতে ঘনিষ্ঠতা বাঢ়ে আৰু 1978 চনত তেওঁলোক বিবাহপাশত আৱদ্ধ হয় । অৱশ্যে মাত্ৰ এবছৰৰ পিছতে বিবাহ বিচ্ছেদ ঘটে ।

আলিয়াৰ পিতৃ

দুবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱা তাৰকাৰ তালিকাত আলিয়া ভাটৰ পিতৃ মহেশ ভাটৰো নাম আছে । মহেশৰ প্ৰথম পত্নী কিৰণ, যাৰ সৈতে পূজা ভাট নামেৰে তেওঁৰ এগৰাকী কন্যা আছে । আনকি পাৰবীন বাবীৰ সৈতেও মহেশ ভাটৰ নাম জড়িত হৈ পৰিছিল যদিও এই সম্পৰ্ক বেছি দিন নিটিকিল । ইয়াৰ পিছত 1986 চনত মহেশ ভাটে অভিনেত্ৰী সোনী ৰাজদানৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । সোনীৰ সৈতে আলিয়া ভাট তেওঁৰ জীৱনলৈ আহে ।

ছলমান খানৰ পিতৃ

যিসকলে পত্নীক বিবাহ বিচ্ছেদ নিদিয়াকৈ দ্বিতীয় বিবাহত বহিছিল, তেওঁলোকৰ ভিতৰত আছে বলীউডৰ ভাইজান ছলমান খানৰ স্ক্ৰীপ্ট ৰাইটাৰ পিতৃ চেলিম খানৰো নাম আছে । চেলিম খানৰ প্ৰথম বিবাহ সুশীলা চৰকৰ (1964) সৈতে হৈছিল আৰু 1981 চনত চেলিম খানে নৃত্যশিল্পী হেলেনক বিয়া পাতে, যি হিন্দী চলচ্চিত্ৰত আইটেম গান কৰিছিল । মন কৰিবলগীয়া যে, চেলিম খানেহে কেৱল তেওঁৰ প্ৰথম পত্নীৰ পৰা পুনৰ বিবাহৰ অনুমতি লৈছিল ।

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিছিল এইজন জনপ্ৰিয় গায়ক

এটা শুৱলা কণ্ঠৰ অধিকাৰী গায়ক উদিত নাৰায়ণো এই তালিকাত অন্তৰ্ভুক্ত । উদিত নাৰায়ণে 1984 চনত প্ৰথমে ৰঞ্জনা ঝাক বিয়া কৰাইছিল আৰু 1986 চনত বিবাহ বিচ্ছেদ নিদিয়াকৈ দীপাৰ সৈতে বিয়াত বহিছিল । আইনী ব্যৱস্থা গ্ৰহণৰ পিছত, উদিত নাৰায়ণে তেওঁৰ প্ৰথম পত্নী ৰঞ্জনাক দ্বিতীয় পত্নী দীপাৰ সৈতে ৰাখিবলৈ সন্মত হয় ।

লগতে পঢ়ক :ভাৰতৰ আটাইতকৈ ধনী তাৰকা সন্তান কোন ?

Last Updated : Oct 25, 2024, 12:27 PM IST

ABOUT THE AUTHOR

...view details