অসম

assam

ETV Bharat / entertainment

হুকা বাৰ ৰেইডত মুকলি মুনাৱাৰ ফাৰুকী; ছ’চিয়েল মিডিয়াযোগে পোষ্ট শ্বেয়াৰ কৰি ক’লে এনেদৰে - Munawar Faruqui - MUNAWAR FARUQUI

Munawar Faruqui: মুম্বাইৰ এখন হুকা পাৰ্লাৰত চলোৱা আৰক্ষীৰ অভিযানত আটক ১৪জন লোক ইয়াৰে ভিতৰত আছিল এজন আছিল মুনাৱাৰ ফাৰুকী । এতিয়া আৰক্ষীৰ জেৰাৰ অন্তত মুনাৱাৰক মুকলি কৰি দিয়া হৈছে আৰু এতিয়া মুনাৱাৰে ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰিছে ।

'Big Boss' Winner Munawar Faruqui among 14 Detained after Raid at Hookah Parlour in Mumbai
হুকা বাৰ ৰেইডত মুকলি মুনাৱাৰ ফাৰুকি; ছ’চিয়েল মিডিয়াযোগে পোষ্ট শ্বেয়াৰ কৰি ক’লে এনেদৰে

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 1:22 PM IST

আজিকালি যেন আৰক্ষীয়ে ‘বিগ বছ’ৰ বিজয়ীসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ প্ৰথমে এলভিছ যাদৱ আৰু এতিয়া মুনাৱাৰ ফাৰুকীৰ ওপৰত আৰক্ষীয়ে নজৰ ৰাখিছে ৷ মংগলবাৰে মাজনিশা মুনাৱাৰক জিম্মাত লয় আৰক্ষীয়ে ৷ আৰক্ষীৰ জেৰাৰ অন্তত মুনাৱাৰক মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ পাচতেই মুনাৱাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে ।

মুনাৱাৰ ফাৰুকী

গভীৰ নিশা আৰক্ষীৰ জিম্মাত মুনাৱাৰ ফাৰুকী

মুনাৱাৰক জিম্মাত লোৱাৰ খবৰ ওলোৱাৰ পিছত অনুৰাগীসকল তেওঁৰ বাবে চিন্তিত হৈ পৰে ৷ কমেডিয়ানসকল সৰু সৰু বিতৰ্কৰ বলি হৈয়েই থাকে ৷ এনে পৰিস্থিতিত হুকা বাৰ ৰেইড গোচৰত তেওঁৰ নাম প্ৰকাশ পোৱাৰ পিছত অনুৰাগীয়ে তেওঁক লৈ চিন্তিত হ’বলৈ ধৰিলে ৷ সংবাদ সংস্থা এ এন আইৰ মতে, মুনাৱাৰক আন ১৩ জন লোকৰ সৈতে আটক কৰি ৰখা হৈছিল ৷ অৱশ্যে জেৰাৰ অন্তত তেওঁক মুকলি কৰি দিয়া হৈছে ৷

মুনাৱাৰ ফাৰুকী

প্ৰকাশ পোৱা তথ্য অনুসৰি, "ষ্টেণ্ডাপ কমেডিয়ান মুনাৱাৰ ফাৰুকি আৰু আনসকলক হুকা খোৱা দেখা গৈছিল ৷" তেওঁৰ অভিনয়ৰ ভিডিঅ'ও আমাৰ হাতত আছে ৷ আমি মুনাৱাৰ আৰু আনক আটক কৰি ৰাখিলোঁ, কিন্তু পিছত তেওঁলোকৰ বিৰুদ্ধে থকা ধাৰাসমূহ জামিনহীন হোৱাৰ বাবে মুকলি কৰি দিলোঁ ৷

আৰক্ষীয়ে লাভ কৰা তথ্যৰ পিছতে ফ’ৰ্ট এলেকাত অভিযান চলায় ৷ তেওঁক কোৱা হৈছিল যে ধঁপাতজাতীয় সামগ্ৰীৰ লগতে নিকোটিন ব্যৱহাৰ কৰা হৈছে, যিটো নিষিদ্ধ ৷ মুঠ ৪৪০০ টকাৰ ৯টা হুকাৰ পাত্ৰ উদ্ধাৰ ৷ তাত উপস্থিত থকা সকলো লোকৰ টেষ্ট কৰা হৈছিল, য’ত মুনাৱাৰৰ টেষ্টৰ ৰিজাল্ট পজিটিভ ওলাইছিল ৷ ইয়াৰ পিছত তেওঁক তাৰ পৰা যাবলৈ দিয়া হ’ল ৷

এই ধাৰাসমূহ মুনাৱাৰৰ ওপৰত জাপি দিয়া হৈছিল

ফাৰুকি আৰু অন্যান্যসকলৰ বিৰুদ্ধে চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰী আইনকে ধৰি আইপিচিৰ ধাৰা ২৮৩ (ৰাজহুৱা পথ বা নেভিগেচনৰ লাইনত বিপদ বা বাধা), ধাৰা ৩৩৬ (আনৰ জীৱন বা ব্যক্তিগত সুৰক্ষা বিপন্ন কৰা আইন)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷

বিমানবন্দৰৰ ফটো শ্বেয়াৰ

মুকলি হোৱাৰ পিছত মুনাৱাৰ ফাৰুকিয়ে বিমানবন্দৰৰ পৰা নিজৰ এখন ছবি শ্বেয়াৰ কৰে ৷ তেওঁ লিখিছে যে, মই ভাগৰি পৰিছো আৰু ভ্ৰমণ কৰি আছো ৷ এই ফটোখনত মুনাৱাৰৰ মুখত কোনো ধৰণৰ চিন্তাৰ চিন চাব দেখিবলৈ পোৱা যোৱা নাই ৷

লগতে পঢ়ক:অনুৰাগীয়ে ৰেষ্টুৰেণ্টৰ বাহিৰত ঘেৰি ধৰিলে মুনাৱাৰ ফাৰুকীক, চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details