অসম

assam

জামনগৰত উষ্ম আদৰণি নৱ দম্পতী অনন্ত-ৰাধিকাক - Anant Radhika post wedding events

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 11:58 AM IST

Anant Ambani Radhika Merchant in Jamnagar: বিয়াৰ পিচত অনন্ত আম্বানী তেওঁৰ নতুন কইনাৰ সৈতে জামনগৰত উপস্থিত হয় । নগৰবাসীয়ে আম্বানী পৰিয়ালৰ সৰু বোৱাৰীক উষ্ম আদৰণি জনায় । জামনগৰৰ পৰা অনন্ত-ৰাধিকাৰ আদৰণিৰ ভিডিঅ’ চাওক…

Anant Ambani Radhika Merchant grand welcome in Jamnagar Gujarat after wedding watch
অনন্ত-ৰাধিকা (ANI)

চিটাৰা ডেস্ক, 17 জুলাই : অৱশেষত বিবাহপাশত আবদ্ধ হ’ল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট । এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দুয়োৰে বিয়া সম্পন্ন হয় ১২ জুলাইত । দুটাকৈ প্ৰি-ৱেডিং ইভেণ্টৰ পাচত অনুষ্ঠিত হয় তেওঁলোকৰ বিয়া ৷ অৱশ্যে বিয়াৰ উদযাপন এতিয়াও চলি আছে । মঙলবাৰে (১৬ জুলাই) নৱ-বিবাহিত দম্পতী গুজৰাটৰ জামনগৰত উপস্থিত হয় আৰু তাত তেওঁলোকক উষ্ম আদৰণি জনোৱা হয় । জামনগৰতেই আয়োজন কৰা হৈছিল তেওঁলোকৰ প্ৰথমটো প্ৰি-ৱেডিং অনুষ্ঠান, যিটো ৩ দিন ধৰি চলিছিল । এই অনুষ্ঠানত আম্বানী পৰিয়ালে বহু বলীউড তাৰকা আৰু আন্তঃৰাষ্ট্ৰীয় চেলেব্ৰিটীক আমন্ত্ৰণ জনাইছিল ।

16 জুলাইৰ সন্ধিয়া অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট বিয়াৰ পিচত প্ৰথমবাৰৰ বাবে জামনগৰত উপস্থিত হয় । নৱ-বিবাহিত দম্পতীক আদৰণি জনোৱাৰ বাবে জামনগৰ বিমানবন্দৰৰ বাহিৰৰ ৰাস্তা ফুলেৰে সজোৱা হৈছিল । অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ আগমনৰ বাবে বেনাৰো লগোৱা হৈছিল । তেওঁলোক দুয়োকে চহৰখনত পৰম্পৰাগত ধৰণে আদৰণি জনোৱা হয় । আদৰণি জনোৱা বহু ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত বিয়পি পৰিছে ।

লগতে পঢ়ক :সন্তান লাভৰ গৌৰৱেৰে গৌৰৱান্বিত হ’লে ইয়াতকৈয়ো বেছিকৈ নাচিব ছলমানে ! - Salman Khan Note for Anant Radhika

ভাইৰেল ভিডিঅ’ এটাত অনন্ত-ৰাধিকাক তেওঁলোকৰ বাহনত উঠি অহা দেখা গৈছে । নগৰবাসীসকলে গোলাপৰ পাহি ছটিয়াই তেওঁলোকক উষ্ম আদৰণি জনায় । উপস্থিত জনতাৰ ফালে হাত জোকাৰি সম্ভাষণ জনায় নৱ দম্পতীয়ে । ভিডিঅ’টোত ঢোল আৰু বাদ্যযন্ত্ৰৰ লগতে অনন্ত আম্বানী আৰু ৰাধিকাৰ বাবে উল্লাস কৰা শ্ল’গানো দেখা যায় ।

আন এটা ভিডিঅ’ত, অনন্ত ৰাধিকাক হাতজোৰ কৰি ভিৰৰ মাজত সোমাই থকা দেখা গৈছে । এই সময়ছোৱাত জামনগৰৰ মহিলাসকলে পৰম্পৰাগত ৰীতি-নীতিৰে একেলগে গান গাই কনিষ্ঠ বোৱাৰীক আদৰণি জনায় । এটা ভিডিঅ’ত, অনন্ত-ৰাধিৰাক এখন মঞ্চত থিয় হৈ নগৰবাসীসকলক সম্ভাষণ জনোৱা দেখা গৈছে ।

জামনগৰত কৰ্মচাৰীৰ বাবে অনুষ্ঠিত হ'ব পাৰ্টী

অনন্তে গোলাপী ৰঙৰ কুৰ্তা, বগা পেণ্ট আৰু প্ৰিণ্টেড হাফ জেকেট পিন্ধে ৷ আনহাতে ৰাধিকাক পাতল গোলাপী ৰঙৰ চুটত মৰমলগা দেখা যায় । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অনন্ত-ৰাধিকাই মহানগৰীত তেওঁলোকৰ কৰ্মচাৰীসকলৰ বাবে পাৰ্টীৰ আয়োজন কৰিব ।

লগতে পঢ়ক :জাহ্নৱীৰ দেওৰেকৰ সৈতে ৰণবীৰৰ নাগিন ডান্স - celebs dancing at anant baraat

ABOUT THE AUTHOR

...view details