অসম

assam

ETV Bharat / entertainment

চলিত বৰ্ষটোত চিনেমা-ছিৰিয়েলতে ব্যস্ত থাকিব অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী - ACTRESS GEETAWALI RAJKUMARI

অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিবেশনত অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী ৷ এক অনন্য ৰূপেৰে দৰ্শকৰ মাজলৈ আহি আছে গীতাৱলী ৷

actress geetawali-rajkumari takes part in cultural procession in jorhat
অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিবেশন (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Jan 11, 2025, 8:22 PM IST

যোৰহাট :অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ অনুৰাগীসকললৈ সুখবৰ ৷ অসমীয়া ছবিজগতৰ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীক দেখিবলৈ পোৱা যাব ‘ৰূপ তীৰ্থ যাত্ৰী’ নামৰ অসমীয়া ছবিখনত । মঞ্জু বৰাৰ পৰিচালনাৰে ছবিখনত এক অনন্য ৰূপত দেখিবলৈ পোৱা যাব গীতাৱলীক ৷

যোৰহাটত অনুষ্ঠিত হৈ যায় অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিবেশন ৷ এই অধিবেশনত অংশ লয় অভিনেত্ৰীগৰাকীয়ে ৷ সাংবিধানিক আৰু সাংস্কৃতিক অধিকাৰ ৰক্ষাৰ অৰ্থে এই অধিবেশনৰ আয়োজন কৰা হৈছিল ৷ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিবেশনখনি যোৰহাটৰ মালৌখাটত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ।

অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিবেশন (ETV Bharat Assam)

অধিৱেশনখনিৰ শেষৰ দিনা বৰ্ণাঢ্য বাৰেৰহণীয়া বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । শেষৰ দিনাৰ অধিৱেশনস্থলীত বৃহত্তৰ অসমীয়া জাতিৰ সাংবিধানিক অধিকাৰ আৰু অসমীয়া জাতি, অনুসূচীত জাতিৰ বাবে কৰণীয় কামসমূহৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে জাতিটোক কিদৰে আগুৱাই নিব পাৰি তাৰ বিস্তৃত আলোচনা আগৱঢ়োৱা হয় ।

অন্তিমটো দিনাই বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল সমাহাৰেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে ৷ তেওঁ কয়, “এনে ধৰণৰ ৰাজহুৱা অনুষ্ঠানত উপস্থিত থাকি সঁচাই বহুত ভাল লাগে ৷” পেছাগত জীৱন সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে এইবৰ্ষত তেওঁৰ বহুত পৰিকল্পনা আছে ৷ মঞ্জু বৰাৰ ৰূপ তীৰ্থ যাত্ৰী নামৰ এখন অসমীয়া ছবিত অভিনয় কৰাৰ লগতে তেওঁৰ কেইখনমান অসমীয়া ছিৰিয়েল ৰাইজৰ মাজলৈ আহি আছে বুলিও উল্লেখ কৰে ৷

আনহাতে উক্ত অধিৱেশনত উপস্থিত থাকি অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসে কয়, “আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ সাংবিধানিক অধিকাৰ আৰু সাংস্কৃতিক অধিকাৰসমূহত আমাৰ অধিকাৰ থাকিবই লাগিব । আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ বৃহত্তৰ অসমীয়া জাতিৰ হকে কাম কৰিব লাগিব আৰু আমাৰ সম্পদ, অধিকাৰ, সাংবিধানিক অধিকাৰসমূহ আমাক দিবই লাগিব আৰু এইসমূহ কাম শাসনত থকা চৰকাৰখনে কৰিব লাগিব ।”

আনহাতে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদে অসমীয়া সমাজ জীৱনলৈ অনবদ্য বৰঙণি আগৱঢ়োৱাৰ বাবে সৰুপাই দাস ওজাক সুধাকণ্ঠ সোঁৱৰণী শিল্পী বঁটা ২৪ প্ৰদান কৰে ।

লগতে পঢ়ক :পিছুৱাই দিয়া হৈছে কেচটো নগেনৰ মুক্তিৰ তাৰিখ

ABOUT THE AUTHOR

...view details