নিউজ ডেস্ক, ২১ আগষ্ট:নিজৰ দল গঠন কৰিব ঝাৰখণ্ডৰপ্রাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনে ৷ মঙলবাৰে নিশা দিল্লীৰ পৰা উভতি অহাৰ পাছত বুধবাৰে হাটা অঞ্চলত সমৰ্থকক সাক্ষাৎ কৰি সুকীয়া সংগঠন গঠনৰ কথা ঘোষণা কৰে প্রাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনে । তেওঁ লগতে সাত দিনৰ ভিতৰত সম্পূৰ্ণ ছবিখন স্পষ্ট হ’ব বুলি উল্লেখ কৰে ।
মঙলবাৰৰ গভীৰ নিশাৰ পৰা তেওঁৰ ছেৰাইকেলাৰ বাসগৃহত সমৰ্থকৰ সমাগম ঘটিছিল । আজি পুৱা ভাগতো তেওঁৰ বাসগৃহত উপস্থিত হৈছিল বৃহৎ সংখ্যক সমৰ্থক । তেওঁলোকৰ লগত বাৰ্তালাপ কৰাৰ পাছত তেওঁ বিভিন্ন ঠাইত উপস্থিত হৈ সমৰ্থকসকলক সাক্ষাৎ কৰে । দিল্লীৰ পৰা উভতি অহাৰ পিছত তেওঁ স্পষ্টকৈ কৈছিল যে অতি সোনকালে তেওঁ কি কৰিবলৈ ওলাইছে সেই কথা গম পোৱা যাব । ইয়াৰ পাছতেই আজি তেওঁ পৃথক দল গঠনৰ কথা ঘোষণা কৰে ।
এটা সুকীয়া সংগঠন গঠনৰ ঘোষণাৰ পিছতে চম্পাই ছোৰেনে কয় যে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁক যিদৰে অপমান কৰা হৈছে, সেয়া বুজাব নোৱাৰি । চম্পাই ছোৰেনৰ ক্ষোভ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ প্ৰতি প্ৰকাশ পাইছিল । চম্পাইৰ এই ঘোষণাৰ লগে লগে তেওঁৰ বিজেপিত যোগদানৰ জল্পনা-কল্পনাৰ অন্ত পৰিল । অৱশ্যে তেওঁৰ দলৰ নাম কি হ’ব সেয়া এতিয়াও কোৱা নাই ।
ইয়াৰ পূৰ্বে কোৱা হৈছিল যে বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাৰ সৈতে চম্পাই ছোৰেনৰ সম্পৰ্ক হৈছিল । কিন্তু শেষ মুহূৰ্তত খেলখন সম্পূৰ্ণ সলনি হৈ পৰিল আৰু তেওঁৰ দিল্লী ভ্ৰমণ ৰাজনৈতিক কাৰণৰ পৰিবৰ্তে ব্যক্তিগত হৈ পৰিল । জানিব পৰা মতে, একাংশ ৰাজ্যিক পৰ্যায়ৰ বিজেপি নেতা ইয়াৰ প্ৰধান কাৰক আছিল আৰু তেওঁ বিজেপিত প্ৰৱেশ কৰাৰ পূৰ্বেই দুৱাৰখন বন্ধ হৈ পৰিছিল । বিৰোধী দলৰ নেতা অমৰ কুমাৰ বাউৰীয়ে কয় যে দলৰ নীতি আৰু সিদ্ধান্ত অনুসৰণ কৰি দললৈ অহা লোকৰ বাবে সকলো পথ মুকলি আছে ।
লগতে পঢ়ক :চম্পাই ছোৰেনৰ সমুখত তিনিটা বিকল্প: দলত্যাগ, নতুন দল গঠন আৰু আন দলত যোগদান - Champai Soren