নেশ্যনেল ডেস্ক, 28 এপ্ৰিল :প্ৰেমিকে কৰা প্ৰৱঞ্চনাৰ প্ৰতিবাদ জনায় ধৰ্ণাত বহিল প্ৰেমিকা ৷উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত সংঘটিত হৈছে এই ঘটনা ৷ কোতৱালী সদৰৰ বাগাপাৰ আৰক্ষী চকী এলেকাত প্ৰেমিকে প্ৰেমিকাৰ সৈতে বিয়াত বহাক লৈ অস্বীকাৰ কৰাৰ বাবে প্ৰেমিকৰ ঘৰৰ বাহিৰত ধৰ্মঘটত বহে যুৱতীগৰাকী ।
স্থানীয় আৰক্ষী এই সম্পৰ্কে অৱগত হৈ ঘটনাস্থলীত উপস্থিত হয় ৷ তাৰ পাচত যুৱতীগৰাকীক আৰক্ষী চকীলৈ লৈ অহাৰ লগতে প্ৰেমিকজনক জিম্মাত লয় আৰক্ষীয়ে । আৰক্ষী চকীত হোৱা আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হয় যে এবছৰৰ পাচত দুয়োৰে বিয়া হ’ব । একে সময়তে শান্তি বিঘ্নিত কৰাৰ বাবে প্ৰেমিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে ।
জানিব পৰা মতে, যুৱকজনে সুযোগ বুজি শুকুৰবাৰৰ নিশা প্ৰেমিকাৰ ঘৰত প্ৰৱেশ কৰে । এই কথা গম পোৱাৰ লগে লগে যুৱতীগৰাকীৰ মাকে বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি হুলস্থূল কৰিবলৈ ধৰে । ইয়াৰ পাচতে অঞ্চলটোত মানুহৰ ভিৰ লগা পৰিলক্ষিত হয় । আনকি যুৱকজন গোটেই ৰাতি প্ৰেমিকাৰ এটা কোঠাত আৱদ্ধ হৈয়ে থাকিল ৷