ETV Bharat / bharat

আৰ জি কৰ ঘটনা : ৰায় দিব শিয়ালদহ আদালতে ! - SEALDAH COURT ON RG KAR CASE

শিয়ালদহ আদালতৰ ৰায়ৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে । ভুক্তভোগী চিকিৎসকৰ পৰিয়ালো সঠিক ৰায়ৰ অপেক্ষাত আছে ।

RG Kar doctor rape
আৰজি কৰ ঘটনা : ৰায় দিব শিয়ালদহ আদালতে (ETV Bharat)
author img

By ANI

Published : Jan 17, 2025, 8:52 AM IST

কলকাতা : শিয়ালদহ আদালতে আৰ জি কৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰ সম্পৰ্কে ১৮ জানুৱাৰীত ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে । দেশজুৰি এতিয়াও উক্ত ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে । ইফালে সঠিক ৰায়ৰ অপেক্ষাত আছে ভুক্তভোগীৰ পৰিয়াল । কন্যাৰ বাবে ন্যায় বিচাৰি প্ৰাৰ্থনা কৰি আছে পৰিয়ালৰ লোকে ।

  • নিৰপেক্ষ ৰায়ৰ প্ৰাৰ্থনা পৰিয়ালৰ

ভুক্তভোগী চিকিৎসকৰ পিতৃয়ে এক নিৰপেক্ষ ৰায়ৰ আশা ব্যক্ত কৰি কয়, "আদালতে সকলোবোৰ দিশ চোৱাৰ পিছত আৰু বিবেচনা কৰাৰ অন্তত আমি এক সঠিক ৰায় পাম... ডিএনএ প্ৰতিবেদনে আনৰ লগতে (আন অভিযুক্ত)ৰ উপস্থিতি প্ৰমাণ কৰিছে... আমি আদালতৰ কাষ চাপিছো, এটা বিষয় উচ্চ ন্যায়ালয়ত বিচাৰাধীন আৰু আনটো উচ্চতম ন্যায়ালয়ৰ মজিয়াত আছে, ইয়াক তালিকাভুক্ত কৰা হৈছে ।"

ইফালে পৰিয়ালটোৱে ন্যায়ৰ বাবে যি কৰিব লাগে সেয়া কৰিবলৈ সাজু থকাৰ কথাও উল্লেখ কৰিছে । পিতৃয়ে কয়, "মোৰ ছোৱালীৰ বাবে প্ৰকৃত ন্যায় বিচাৰো । আমি য'ত প্ৰয়োজন হয় তালৈ যাম ।"

লগতে পঢ়ক : কলকাতাকাণ্ডৰ তদন্তৰ পৰিৱৰ্তে কেৱল ইজনে আনজনক দোষাৰোপ কৰাত ব্যস্ত: নিৰ্ভয়াৰ মাতৃ - Kolkata Doctor Rape murder
  • আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিত্তীয় অনিয়ম

উল্লেখ্য যে ২০২৪ চনৰ ৯ আগষ্টত চিকিৎসালয়ৰ ছেমিনাৰ কোঠাত উদ্ধাৰ হোৱা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাটোৱে ব্যাপক প্ৰতিবাদৰ সৃষ্টি কৰিছে । ঘটনাটোৰ পিছত চিকিৎসালয়ৰ স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক অপৰাধটোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল । যোৱা বছৰ নৱেম্বৰত চিবিআইয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিত্তীয় অনিয়ম সম্পৰ্কে এখন অভিযোগনামাও দাখিল কৰে ।

সন্দীপ ঘোষ আৰু ড৹ আশীষ কুমাৰ পাণ্ডে, বিপ্লৱ সিংহ, সুমন হাজৰা আৰু আফছাৰ আলী খানকে ধৰি কেইবাজনো লোকৰ নাম বিত্তীয় অনিয়ম সম্পৰ্কে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা হৈছে । কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে এই তদন্ত আৰম্ভ কৰা হৈছিল ।

দুৰ্নীতিৰ গোচৰৰ উপৰিও সন্দীপ ঘোষে হত্যাৰ গোচৰ সন্দৰ্ভতো প্ৰশ্নৰ সন্মুখীন হৈছে । তদন্তৰ অংশ হিচাপে চিবিআইয়ে তেওঁৰ ওপৰত পলিগ্ৰাফ পৰীক্ষা কৰিছিল । অভিযোগনামা দাখিল কৰাত পলম হোৱাৰ ফলত অভিজিত মণ্ডল আৰু সন্দীপ ঘোষকে ধৰি অভিযুক্তসকলক জামিন প্ৰদান কৰা হয় ।

লগতে পঢ়ক : আৰ জি কৰ অভিযোগনামা : অভিযুক্তৰ তেজৰ দাগ, ডি এন এ প্ৰতিবেদনকে ধৰি 11 টা প্ৰমাণ উল্লেখ চি বি আইৰ

লগতে পঢ়ক : সকলো আদালতত পর্যাপ্ত শৌচাগাৰ-প্ৰস্ৰাৱাগাৰ নিৰ্মাণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - SC ORDER ON TOILETS IN COURTS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.