ETV Bharat / state

জাতিয়ে সুঁৱৰিলে জ্য়োতিক... ৰূপকোঁৱৰৰ গীতে-মাতে দশোদিশ গুঞ্জৰিত - SILPI DIVAS 2025

গোলাঘাটত কেন্দ্রীয়ভাৱে অনুষ্ঠিত শিল্পী দিৱস । অনিমা চৌধুৰী-মুকুল ৰাভাক 'শিল্পী বঁটা' প্ৰদান ৷

CENTRAL PROGRAM OF SILPI DIVAS 2025
অনিমা চৌধুৰী-মুকুল ৰাভাক 'শিল্পী বঁটা' প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 17, 2025, 8:40 PM IST

গোলাঘাট : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আজি জাতিয়ে স্মৰণ কৰি জনালে সশ্ৰদ্ধ প্ৰণিপাত । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত শুক্ৰবাৰে কেন্দ্রীয়ভাৱে অনুষ্ঠিত হয় শিল্পী দিৱস । এই দিৱসত ৰাজ্যৰ ৫ গৰাকী বিশিষ্ট শিল্পীক প্ৰদান কৰা হয় বিশেষ বঁটা ।

জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা আৰু বিধায়ক বিশ্বজিৎ ফুকনে । সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল দাসে উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা চলচ্চিত্র ইতিহাসবিদ আৰু পৰিচালক পাৰ্থজিৎ বৰুৱাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে ।

অনিমা চৌধুৰী-মুকুল ৰাভাক 'শিল্পী বঁটা' প্ৰদান (ETV Bharat Assam)

এই অনুষ্ঠানতেই ২০২৫ বৰ্ষৰ বাবে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাক 'শিল্পী বঁটা' প্ৰদান কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগে । আনহাতে, ২০২৪ বৰ্ষৰ 'নটসূৰ্য ফণী শৰ্মা বঁটা' প্ৰদান কৰা হয় নাট্যশিল্পী ৰেবা ফুকনক । ২০২৪ বৰ্ষৰ 'সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰীকা বঁটা' প্ৰদান কৰা হয় নাট্যশিল্পী হীৰা নেওগক । তদুপৰি ২০২৪ বৰ্ষৰ 'ভীমবৰ দেউৰী বঁটা' বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মক প্ৰদান কৰা হয় ।

CENTRAL PROGRAM OF SILPI DIVAS 2025
গোলাঘাটৰ ১১ গৰাকী শিল্পীক পেন্সন প্ৰদান (ETV Bharat Assam)

বঁটাই মানুহক প্ৰেৰণা যোগায় :

ইফালে, ৰাজ্য চৰকাৰে ঘোষণা কৰা শিল্পী পেন্সনো প্ৰদান কৰা হয় গোলাঘাটৰ ১১ গৰাকীক । বাৰ্ষিক শিল্পী পেন্সন প্ৰদান কৰা হয় কেইগৰাকীমান বিশিষ্ট শিল্পীক । বঁটা গ্ৰহণ কৰি শিল্পী অনিমা চৌধুৰীয়ে কয়- "২০২৫ বৰ্ষত অসম চৰকাৰে মোক শিল্পী বঁটা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াক ধন্যবাদ জ্ঞাপন কৰিছো । অসমৰ ৰাইজে মোৰ গীতসমূহ শুনি স্বীকৃতি দিয়াৰ বাবে মই এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছো । ইয়াৰ উপৰি মই বিশ্বাস কৰো যে বঁটাই মানুহক প্ৰেৰণা যোগায় আৰু লগতে দায়িত্ববোধো বৃদ্ধি কৰে । আজি গুৰু দায়িত্ব অসম চৰকাৰে মোৰ ওপৰত অৰ্পণ কৰিলে আৰু মই যিমানদিনলৈ পাৰিম গীত গাবলৈ চেষ্টা কৰি যাম । "

আনহাতে, এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী অজন্তা নেওগে কয়- "আজি শিল্পী দিৱস আৰু দিৱসটি কেন্দ্ৰীয়ভাৱে গোলাঘাটত অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো । আজি পাঁচগৰাকীক আমি বঁটা প্ৰদান কৰিছো । আমি আশা কৰিছো তেওঁলোকক এই বঁটাই প্ৰেৰণা যোগাব । আজিৰ দিনটো হৈছে শিল্পীসকলক স্মৰণ কৰা দিন । জ্যোতিৰ আলোকেৰে সমগ্ৰ অসম আলোকিত হৈছে ।" তেওঁ নতুন প্ৰজন্মক শিল্পীসকলক শ্ৰদ্ধা কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:জ্যোতি চিত্ৰবনত ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ - SILPI DIWAS EVENTS IN ASSAM

কেনে আছে ৰূপকোঁৱৰৰ 'জ্যোতিতীৰ্থ': সংৰক্ষণৰ এটা ঘোষণাও কাৰ্যকৰী নকৰিলে চৰকাৰে - SILPI DIVAS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.