ETV Bharat / bharat

পাহাৰীয়া শিল কাটি তিনিটাকৈ পুখুৰী খন্দা সুগ্ৰীৱৰ প্ৰেৰণাদায়ক কাহিনী - STORY OF SUGRIVA OF BIHAR

বিহাৰৰ সুগ্ৰীৱৰ কাহিনী কেৱল আকৰ্ষণীয়ই নহয়, প্ৰেৰণাদায়কো । পাহাৰৰ শিলৰ মাটিত তিনিটা পুখুৰী খান্দি কোনে দেখুৱালে আদৰ্শ ?

STORY OF SUGRIVA OF BIHAR
সুগ্ৰীৱৰ প্ৰেৰণাদায়ক কাহিনী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2025, 7:15 PM IST

গয়া : বিহাৰৰ গয়া জিলা মোক্ষ আৰু জ্ঞানৰ নগৰ হিচাপে সমগ্ৰ বিশ্বতে বিখ্যাত । অৱশ্যে ইয়াৰ লোকসকল আন এক বিশেষত্বৰ বাবেও পৰিচিত, তেওঁলোকৰ সেই বিশেষত্ব হ’ল পাহাৰ আৰু পাহাৰীয়া ভূমিৰ পৰিপ্ৰেক্ষিতত লাভ কৰা প্ৰত্য়াহ্বান । ইয়াৰ লোকসকলে যেতিয়া মনত এটা সংকল্প গ্ৰহণ কৰে, তেতিয়া সেই সংকল্প যিকোনো প্ৰকাৰে সম্পূৰ্ণ কৰে ৷

সেয়া দশৰথ মাঞ্জিৰ দৰেই লোক নহওঁক কিয়, যিয়ে পত্নী ফাগুনিয়াৰ দুখত দুখী হৈ পাহাৰত উঠি পাহাৰ কাটি উমৈহতীয়া পথ তৈয়াৰ কৰিছিল । আনহাতে, লাউংগী ভূঞা নামৰ লোকজনে গাঁৱত পানী যোগান ধৰিবলৈ শিলৰ বাট কাটি খাল খান্দিছিল ।

STORY OF SUGRIVA OF BIHAR
সুগ্ৰীৱৰ প্ৰেৰণাদায়ক কাহিনী (ETV Bharat)
  • উদাহৰণ দাঙি ধৰিলে সুগ্ৰীৱ ৰাজবংশীয়ে :

এই তালিকাত শেহতীয়াকৈ সংযোজন কৰা হৈছে আন এটা নাম । যিগৰাকী লোকক মাত্ৰ কেইজনমান আন লোকেহে চিনি পায় । তেওঁলোকৰ সংগ্ৰাম আৰু লক্ষ্যৰ প্ৰতি সমৰ্পণৰ কাহিনী এই প্ৰতিবেদনৰ জৰিয়তে লৈ আহিছো ৷ যিয়ে মাত্ৰ ১৬ বছৰত শিল কাটি এটা নহয়, তিনিটাকৈ পুখুৰী খান্দি পানী এৰি দিয়ে । এই ব্যক্তিজনৰ নাম হৈছে সুগ্ৰীৱ ৰাজবংশী ।

  • পাহাৰীয়া ভূমিত খান্দিলে তিনিটাকৈ পুখুৰী :

জিলাখনৰ আটাৰী ব্লকৰ চক্ৰ পঞ্চায়তৰ অন্তৰ্গত ৰংপুৰ ভোজপুৰ গাঁও । গয়াৰ জেঠিয়ান আৰু নালন্দা জিলাৰ ৰাজগীৰ পঞ্চ পাহাৰৰ মাজত অৱস্থিত এই গাঁওখন ।

গাঁৱখনত প্ৰায় ৩০০ ঘৰ লোকে বাস কৰে, যাৰ মাজৰ সুগ্ৰীৱ ৰাজবংশী অন্যতম । ৪০ বছৰ বয়সত সুগ্ৰীৱে পাহাৰীয়া মাটি কাটি পুখুৰী খান্দিবলৈ আৰম্ভ কৰিছিল আৰু আজি ৫৫ বছৰ বয়সত পঞ্চ পাহাৰীৰ পাদদেশৰ শিলৰ মাটিত তিনিটা পুখুৰী খান্দিছে ৷

  • ৫-৬ একৰ মাটিত কৰিছে জলসিঞ্চন :

জীৱ-জন্তুৱে সুগ্ৰীৱে খন্দা পুখুৰীৰ পৰাই পিয়াহত পানী সেৱন কৰে । ইয়াৰোপৰি চৌদিশে থকা ভূমিভাগতো কৰা হৈছে জলসিঞ্চন ৷ অৱশ্যে যি মাটিত পুখুৰীটো খন্দা হৈছে, সেয়া মাটি বন বিভাগৰ বুলি কোৱা হয় । সম্প্ৰতি দুটা পুখুৰী শুকাই গৈছে যদিও আনটো পুখুৰীত পানী আছে । এই পুখুৰীটোৱে সামৰি আছে প্ৰায় ৫-৬ একৰ মাটি ৷

  • হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ সুগ্ৰীৱ :

১৯৮৫ চনত ভনীয়েকৰ ঘৰত থাকি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল এইগৰাকী লোক । অৱশ্যে নিজৰ ছয়টা সন্তানৰ ভিতৰত এজনকহে পঢ়ুৱাবলৈ সক্ষম ব্যক্তিগৰাকীয়ে এই কাৰ্যৰ বাবে দুখ প্ৰকাশ কৰে । সুগ্ৰীয়ে কয় যে দশৰথ মাঞ্জি নামৰ এজন লোক তেওঁৰ গুৰু । তেওঁৰ এই কাৰ্যত সুগ্ৰীৱ আপ্লুত হৈ কিবা এটা কৰিব বিচাৰিছিল, কিন্তু দৰিদ্ৰতা ইমানেই আছিল যে তেওঁ একো কৰিব নোৱাৰিলে ।

দশৰথ মাঞ্জিৰ অনুপ্ৰেৰণাত এদিন তেওঁ ঝিনঝোড়াৰ শিলৰ ভূমিত পুখুৰী খান্দিবলৈ সিদ্ধান্ত ল’লে ।

''কিন্তু এই সংকল্প সহজ নাছিল, কাৰণ ইয়াক পূৰণ কৰাৰ অসুবিধা এখন পাহাৰ কাটি যাত্ৰা কৰাতোকৈ কোনো গুণে কম নাছিল''- সুগ্ৰীৱ ৰাজবংশী ।

  • ২০০৯ চনত প্ৰথমবাৰৰ বাবে কুঁৱা খন্দাৰ চেষ্টা :

সুগ্ৰীৱে কয় যে ২০০৯ চনত তেওঁ পুখুৰীটো খান্দিবলৈ প্ৰথমবাৰৰ বাবে কুঠাৰ ধৰিছিল । দুবছৰ ধৰি তেওঁ নোৰোৱাকৈ মাটি খান্দি থাকিল ৷ যাৰ ফলত প্ৰথম পুখুৰীটো ব্যৱহাৰৰ উপযোগী হৈ পৰে ৷ এই পুখুৰীটো প্ৰায় ১৩০ ফুট দীঘল, ৫০ ফুট বহল আৰু ১৫ ফুট দ আছিল ।

সুগ্ৰীৱে লগতে কয় যে প্ৰথমটো পুখুৰী খান্দি তেওঁ ৰৈ নাথাকি কাম অব্যাহত ৰাখি ২০২৪ চনৰ ভিতৰত এটা এটাকৈ তিনিটা পুখুৰী খন্দাৰ কাম সম্পূৰ্ণ কৰিলে ।

  • পুখুৰীবোৰৰ নাম :

সুগ্ৰীৱে কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামেৰে নিৰ্মাণ কৰা পুখুৰীবোৰৰ নামো ৰাখিছে । তেওঁ নিৰ্মাণ কৰা তিনিটা পুখুৰী হ’ল ক্ৰমে- প্ৰভাত সৰোবৰ, বন্দনা সৰোবৰ আৰু মিত্ৰতা সৰোবৰ । প্ৰভাত সৰোবৰ নামাকৰণৰ আঁৰৰ কাৰণ হৈছে সুগ্ৰীৱে পুৱতি নিশা ৩ বজাত খান্দিবলৈ আৰম্ভ কৰি সূৰ্যোদয়ৰ পূৰ্বে কাম শেষ কৰিছিল ৷

বহু মাহ ধৰি গাঁৱৰ ৰাইজে গমেই পোৱা নাছিল এই কথা ৷ মাটি খন্দা দেখি সাধাৰণ লোকসকল চিন্তিত হৈ পৰিছিল, কোনে এই কাম কৰি আছে ?

পুখুৰীৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰৈত আছিল গাঁৱখন । কেইবামাহো পাছত সুগ্ৰীৱক পাহাৰীয়া শিলৰে পৰিপূৰ্ণ মাটি খান্দি থকা দেখি ৰাইজে বুজি পালে যে সুগ্ৰীৱেই এই পুখুৰী খান্দিছে । আনহাতে, দ্বিতীয়টো পুখুৰীৰ কাহিনী সুগ্ৰীৱৰ প্ৰেৰণা পুৰুষ দশৰথ মাঞ্জিৰ সৈতে জড়িত ।

তেওঁ কয় যে এক সময় আছিল, যেতিয়া তেওঁ গাঁৱৰ মানুহৰ ঠাট্টা-মস্কৰা শুনিবলগীয়া হৈছিল ৷ তেওঁৰ সংগ্ৰামৰ শলাগ লোৱাৰ পৰিৱৰ্তে গাঁৱৰ মানুহে তেওঁক ‘পগলা’ ৰ দৰে শব্দৰে মাতিবলৈ আৰম্ভ কৰিছিল । ঘৰত উপাৰ্জন কৰিবলৈ কোনো নাই বুলিও খং কৰিছিল ঘৈণীয়েকে ।

কিয়নো সেই সময়ত তেওঁ কাম কৰাৰ সলনি মাটি খন্দাত ব্যস্ত আছিল । তেতিয়া এনে পৰিস্থিতিত সুগ্ৰীৱৰ সাহসেই ফল দিলে ।

''মোৰ হৃদয় ভাঙিবলৈ ধৰিলে, কিন্তু তেতিয়াই মনত পৰিল দশৰথ মাঞ্জিৰ সংগ্ৰামবোৰ । তাৰ পিছত প্ৰতিদিনে দশৰথ মাঞ্জিক পূজা কৰি পুখুৰী খন্দা আৰম্ভ কৰিলো আৰু এতিয়া তাৰ নাম ৰাখিলো বন্দনা সৰোবৰ’’- সুগ্ৰীৱ।

  • মিত্ৰতা পুখুৰীটো আমোদজনক :

সুগ্ৰীৱ ৰাজবংশীয়ে শেষত মিত্ৰতা পুখুৰীটো খনন কৰিছিল । অৱশ্যে তেওঁৰ মিত্ৰতা শব্দৰ কোনো ৰাজনৈতিক অৰ্থ নাই । সুগ্ৰীৱে তেওঁৰ শেষ পুখুৰীটোৰ নাম মিত্ৰতা ৰাখিছিল কাৰণ তেওঁৰ পৰিয়ালৰ লোক দুটা পুখুৰী খন্দা কামত সুখী নাছিল । কিন্তু যেতিয়া পুখুৰী দুটাৰ ভূমিকা পোহৰলৈ আহিবলৈ ধৰিলে, তেতিয়া ঘৰৰ সদস্যসকলেও তৃতীয় পুখুৰী খন্দাত সহায় কৰিবলৈ ধৰিলে । তেওঁলোকৰ সহায় মনত ৰাখিবলৈয়ে সুগ্ৰীৱে তাৰ নাম ৰাখিলে মিত্ৰতা পুখুৰী ।

  • জিলা দণ্ডাধীশে কৰিছিল ৰাস্তা নিৰ্মাণ :

সুগ্ৰীৱ ৰাজবংশীয়ে কয় যে নব্বৈৰ দশকত ৰাজবালা বাৰ্মাক গয়াৰ জিলা দণ্ডাধীশ হিচাপে নিযুক্তি দিয়া হৈছিল ৷ তাৰ পিছত তেওঁ আত্ৰিৰ টেকৰা পাহাৰৰ মাজেৰে এটা পথ নিৰ্মাণৰ নিৰ্দেশ দিছিল ৷ সেই কাম কৰিবলৈ সুগ্ৰীৱ ৰাজবংশী নিয়োজিত হৈছিল ।

তেতিয়াৰ ডি এম ৰাজবালা বাৰ্মাই দশৰথ মাঞ্জিক পাহাৰৰ মাজেৰে পথ নিৰ্মাণৰ কামত পথ প্ৰদৰ্শনৰ দায়িত্ব অৰ্পণ কৰিছিল । দশৰথ মাঞ্জিৰ নিৰ্দেশনাত এবছৰ ধৰি সুগ্ৰীৱে কাম কৰিছিল । তেতিয়াৰ পৰাই তেওঁ দশৰথ মাঞ্জিক নিজৰ গুৰু বুলি গণ্য কৰিবলৈ ধৰিলে ।

  • গাঁৱৰ মানুহে তেওঁক পগলা বুলি মাতিছিল :

সুগ্ৰীৱৰ জীয়েক মানেকা কুমাৰীয়ে কয় যে দেউতাকে খন্দা পুখুৰীৰ পৰা সকলোৱে উপকৃত হৈছে । কিন্তু তেওঁ খান্দি থাকোঁতে আমিও গাঁৱৰ মানুহৰ কথা শুনিবলগা হ’ল ৷ কিন্তু তেওঁ নিজৰ উদ্দেশ্যত দৃঢ়তাৰে তিষ্ঠি থাকিল । আজি বনৰীয়া জন্তুৱে পানী খালে বা তাক জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰিলে বহুত সকাহ পোৱা যায় । কিন্তু এই কামৰ ফলত পৰিয়ালটোৰ ব্যক্তিগত বিকাশ একো নহ’ল ।

  • খৰাঙৰ বাবে জীৱ-জন্তুৰ মৃত্যু হৈছিল :

সুগ্ৰীৱ ৰাজবংশীৰ পত্নী সুমিৰ দেৱীয়ে কয়, "২০০৯ চনত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল, যেতিয়া পানীৰ ব্যৱস্থাৰ অভাৱত জীৱ-জন্তু আৰু চৰাইৰ মৃত্যু হৈছিল ৷’’

এই কথা দেখি সুমিৰ স্বামীয়ে গাঁত খান্দি পানীৰ ব্যৱস্থা কৰিবলৈ ধৰিলে, পিছলৈ তেওঁ পুখুৰী খান্দিবলৈ ধৰিলে । এই কামত নিয়োজিত হোৱাৰ বাবে ঘৰত অসুবিধা হৈছিল যদিও তথাপিও তেওঁ নিজৰ কামৰ পৰা পিছুৱাই যোৱা নাছিল । তেওঁ কৈছিল যে, আপুনি আমাক খাদ্য দিয়ক বা নিদিয়ক, আমি আমাৰ জীৱনত অন্ততঃ এটা পুখুৰী খান্দিম ।

  • দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে পৰিয়ালটো :

জীৱ-জন্তুবোৰক পানী যোগান ধৰিবলৈ আৰু পথাৰত জলসিঞ্চন কৰিবলৈ খন্দা হৈছিল এই পুখুৰী । সুগ্ৰীৱৰ এই কামৰ বাবে ২০১৫ চনত জিলা প্ৰশাসন আৰু ব্লক পৰ্যায়ৰ বিষয়াসকলে অতিশয় শলাগ লৈছিল । কিন্তু তেওঁৰ আৰ্থিক অসুবিধাৰ সন্দৰ্ভত কোনেও কোনো সহায় আগবঢ়োৱা নাছিল । ভঙা জুপুৰি এটাত থাকিবলৈ বাধ্য হৈছে সুগ্ৰীৱ ৰাজবংশী আৰু তেওঁৰ পৰিয়াল ।

"যেতিয়া মোৰ স্বামীয়ে শিলৰে পৰিপূৰ্ণ মাটি কাটি পুখুৰী খান্দিবলৈ আৰম্ভ কৰিছিল, সেই সময়ত আমাৰো এটা ডাঙৰ সমস্যা আছিল যে ঘৰত উপাৰ্জন কৰিবলৈ কোনো নাছিল ৷ পৰিয়ালটোক কেনেকৈ পোহপাল দিয়া হ'ব । আগতে আমি কাজিয়া কৰিছিলো, কিন্তু পিছত তেওঁৰ সংগ্ৰাম দেখি আমিও মান্তি হ’লো ৷ ব্লক উন্নয়ন বিষয়াও বহুবাৰ আহিছিল তেওঁৰ পুখুৰীটো চাবলৈ । সহযোগিতা দিয়া হ’ব বুলি আশ্বাস দিলে, কিন্তু আজিলৈকে কোনেও সহযোগ কৰা নাই । আমি ইমানেই দৰিদ্ৰ যে আমি নিজৰ ঘৰো সাজিব নোৱাৰো, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী গৃহ নিৰ্মাণ আঁচনিৰ সুবিধাও পোৱা নাই ৷'' - সুগ্ৰীৱ ৰাজবংশীৰ পত্নী সুমিৰ দেৱী ।

‘‘সুগ্ৰীৱ ৰাজবংশী বৰ পৰিশ্ৰমী । কোনো ধৰণৰ সহযোগিতা নোহোৱাকৈ তেওঁ পুখুৰীটো নিৰ্মাণ কৰিছে । আজি যেতিয়া ইয়াত পানী থাকে, তেতিয়া ইয়াক মৰাৰ বাবেও ব্যৱহাৰ কৰা হয় । গাঁৱৰ মানুহে এতিয়া তেওঁৰ এই কামৰ শলাগ লৈছে । তেওঁ দ্বিতীয় দশৰথ মাঞ্জি যদিও তেওঁৰ পৰিয়ালটো দৰিদ্ৰতাত কটাবলগীয়া হৈছে । তেওঁলোকৰ সংগ্ৰামৰ কোনো ফল পোৱা নাই ৷" - দীনেশ, স্থানীয় লোক ।

  • ছয় সন্তানৰ ভিতৰত এজন স্নাতক :

সুগ্ৰীৱ ৰাজবংশীৰ তিনিজন পুত্ৰ আৰু তিনিগৰাকী কন্যা । দৰিদ্ৰতাৰ বাবে তেওঁ মাত্ৰ এজন পুত্ৰক স্নাতক পৰ্যায়লৈকে পঢ়ুৱাইছিল ৷ বাকী থকা ল’ৰা-ছোৱালীবোৰ মেট্ৰিকতো উত্তীৰ্ণ হোৱা নাই । পুত্ৰই শ্ৰমিকৰ কাম কৰে, তিনিগৰাকী কন্যাৰ ভিতৰত দুগৰাকী বিবাহিতা ।

এতিয়া চৰকাৰী সহায়ৰ আশাত বন্দী হৈ ৰৈছে পৰিয়ালটো । পৰিয়ালৰ লোকে কয় যে অন্ততঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধা লাভ কৰিব লাগে ।

  • পুখুৰীবোৰত পানী যোগানৰ ব্যৱস্থা হ’ব লাগে :

সুগ্ৰীৱ ৰাজবংশীয়ে তিনিটা পুখুৰী খান্দিছিল যদিও তাৰে দুটাত পানী নাই । বৰষুণৰ পিছত পানী শুকাই যায় । ২০১৮ চনত সুগ্ৰীৱে গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰৱণ কুমাৰক পুখুৰীবোৰ সৌন্দৰ্যবৰ্ধন কৰি বৰষুণৰ পানী যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈ কৈছিল ।

লগতে তেওঁ গ্ৰামোন্নয়ন মন্ত্ৰীক লিখিত আবেদন দিয়ে । এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল । স্থানীয় ব্লক বিষয়াসকলো উপস্থিত হৈ তদন্ত কৰে যদিও এতিয়ালৈকে কোনো কাম কৰা হোৱা নাই ।

  • পুখুৰীৰ ওচৰতে এখন বাগিচা :

সুগ্ৰীৱ ৰাজবংশীয়ে পুখুৰীটো নিৰ্মাণ কৰাই নহয়, উৰ্বৰ আৰু শিলৰ মাটিত সেউজীয়াও আনিছিল । তেওঁ খন্দা পুখুৰীবোৰৰ ভিতৰত দুটা পুখুৰী একে ঠাইত অৱস্থিত হোৱাৰ বিপৰীতে এটা পুখুৰী কিছু দূৰৈত অৱস্থিত । পুখুৰী দুটাৰ মাজত এখন ডাঙৰ বাগিচাও আছে, য’ত অমিতা, আম, নেমু আদি ৩০০ ৰো অধিক ফলমূলৰ গছ ৰোপণ কৰা হয় । পুখুৰীৰ পানীৰে সমগ্ৰ বাগিচাখনত পানী যোগান ধৰা হয় ৷

‘‘মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰে যেতিয়া জল জীৱন হৰিয়ালী যোজনা আনিছিল, তেতিয়া মই বানে ধোৱা মাটিত সেউজীয়া খেতি কৰিবলৈ চেষ্টা কৰিছিলো । মই নিজে কিছুমান গছ কিনি ৰোপণ কৰিছিলো, আনহাতে কিছুমান গছ ব্লক অফিচৰ পৰা লাভ কৰিছিলো ৷’’- সুগ্ৰীৱ ৰাজবংশী ।

  • পানীৰ সমস্যা :

চক্ৰ পঞ্চায়তৰ মুৰব্বী অজয় ​​কুমাৰ নিৰালাই কয়, ‘‘সুগ্ৰীৱ ৰাজবংশীয়ে এককভাৱে তিনিটা পুখুৰী খান্দিছে, কিন্তু চৰকাৰী সহায় লাভ কৰা নাই । পুখুৰীৰ মাজত বাগিচা এখনো তৈয়াৰ কৰিছে । তেওঁ গৃহ নিৰ্মাণ আঁচনিৰ সুবিধা পোৱা নাছিল, এতিয়া জৰীপ চলি আছে ৷ আমি তাত সুগ্ৰীৱ ৰাজবংশীৰ পৰিয়ালৰ নাম যোগ কৰিছো ৷’’

‘‘গাঁৱৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল পানী । সুগ্ৰীৱে নিজৰ কষ্টৰে তিনিটা পুখুৰী খান্দিছে যদিও তাত পানী জমা কৰাৰ কোনো ব্যৱস্থা নাই । এটা পুখুৰীত পানী আছে, দুটা শুকাই গৈছে । যদি চৰকাৰ আৰু প্ৰশাসনে এই বিষয়ত গুৰুত্ব দিয়ে, তেন্তে এই তিনিটা পুখুৰীৰ পৰা যথেষ্ট লাভ হ’ব । এই সন্দৰ্ভত আমি কেইবাবাৰো স্থানীয় প্ৰশাসনক লিখিত আবেদন কৰিছো ৷'' - চক্ৰ পঞ্চায়তৰ মুৰব্বী অজয় ​​কুমাৰ নিৰালা ।

লগতে পঢ়ক: ক'ত আছে দিনত ৩ বাৰ ৰং সলনি হোৱা শিৱলিংগ ? - MENDHAK MANDIR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.