ETV Bharat / state

মোক জীৱন্তে মাৰি পেলাব বিচাৰিছে : ৰকিবুল হুছেইন - MP RAKIBUL HUSSAIN ATTACK

আকৌ আক্ৰমণৰ সন্মুখীন ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন । পুত্ৰ তাঞ্জিল হুছেইনসহ ৰূপহীহাটলৈ যাওঁতেই আক্ৰমণৰ সন্মুখীন হয় সাংসদগৰাকী ।

MP Rakibul Hussain under attack in Nagaon's Ruphihat
ৰকিবুল হুছেইনক আক্ৰমণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2025, 6:19 PM IST

Updated : Feb 20, 2025, 7:35 PM IST

নগাঁও: "মোক জীৱন্তে মাৰি পেলাব বিচাৰিছে । মই নিস্পেষিত লোকৰ হৈ মাত মতাৰ বাবেই মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । একাংশ দাগী অপৰাধী ব্যৱহাৰ কৰি মোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পতন নিশ্চিত । উমৰাহ হজৰ পৰা আহি মই মুখ খুলিম মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে । এটা এটা কু-কীৰ্তি ফাদিল কৰিম ।" এই হুংকাৰ সাংসদ ৰকিবুল হুছেইনৰ ।

বৃহস্পতিবাৰে নগাঁৱৰ ৰূপহীহাটত আক্ৰমণৰ সন্মুখীন হোৱাৰ পাছতে ৰূপহীহাটত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি আক্ৰমণৰ ঘটনাত বিজেপিকেই জগৰীয়া কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক মুকলি প্ৰত্যাহ্বান জনায় সাংসদ ৰকিবুল হুছেইনে ।

ৰকিবুল হুছেইনক আক্ৰমণ (ETV Bharat Assam)

ব্যাপক নিৰ্বাচনী হিংসাৰ মাজেৰে হৈ যোৱা চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন পৰাজিত হোৱাৰ পাছত নতুনকৈ চামগুৰি সমষ্টিত অন্তৰ্ভুক্ত হোৱা ৰূপহীহাট়ত বৃহস্পতিবাৰে ভয়ংকৰ আক্ৰমণৰ বলি হয় ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ।

বৃহস্পতিবাৰে ৰূপহীহাটৰ ছাইদৰীয়াত এক ৰাজহুৱা সভাত অংশগ্ৰহণৰ উদ্দ্যেশ্যে পুত্ৰ তাঞ্জিল হুছেইনক লগত লৈ স্কুটিৰে গৈ থকা অৱস্থাতে একাংশ লোকৰ আক্ৰমণৰ সন্মুখীন হয় সাংসদ ৰকিবুল হুছেইন । দহ বাৰজনীয়া এটা দলে ৰকিবুল হুছেইনৰ লগতে পুত্ৰ তাঞ্জিল হুছেইনক আগভেটি গ'বেক মুৰ্দাবাদ আদি ধ্বনি দিয়াৰ লগতে আক্ৰমণৰ বাবে উদ্যত হয় । কাঠৰ টুকুৰাৰে দুই এজনে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ দৃশ্যও বন্দী হয় কেমেৰাত । যাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোতেই ।

ৰকিবুল হুছেইন (ETV Bharat Assam)

উত্তপ্ত পৰিস্থিতিৰ মাজতেই স্কুটিৰ পৰা বাগৰিও পৰে সাংসগৰাকী । আনকি একাংশ লোকে ৰকিবুল হুছেইনৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে শূণ্যলৈ গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰি নিৰাপত্তাৰক্ষীৰ সৈতেও হতাহতিত লিপ্ত হয় ।

পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষীৰ সহযোগত উক্ত স্থানৰ পৰা উদ্ধাৰ হোৱা ৰকিবুল হুছেইনে পৰৱৰ্তী সময়ত ৰূপহীহাটত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰকিবুল হুছেইন ৷

বৃহস্পতিবাৰে সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ বিষয়ে নগাঁও আৰক্ষী অধীক্ষক আৰু ৰূপহীহাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে আগতীয়াকৈ অৱগত বুলিও ৰাজহুৱা সভাৰ ভাষণত বিস্ফোৰক মন্তব্য কৰি এইসকল নাম ডায়েৰীত লিপিবদ্ধ কৰা বুলিও উল্লেখ কৰে ৰকিবুল হুছেইনে । পৰৱৰ্তী সময়ত এইসকলৰ বিচাৰ হ'ব বুলিও উদাত্ত ভাষণ প্ৰদান কৰে সাংসদ ৰকিবুল হুছেইনে ।

আক্ৰমণৰ ঘটনাত জড়িতসকলক চিনি পোৱা বুলিও উল্লেখ ৰকিবুল হুছেইন ভয়ত পলায়ন কৰা লোক নহয় বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে । সম্প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা নোহোৱা হৈছে বুলিও উল্লেখ কৰি এতিয়া নিত্য নতুন গোচৰ মামলা আদি কৰি হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিকভাৱে জীয়াই থাকিব বিচাৰিছে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ।

ইপিনে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পোৱা অপকৰ্মৰ অভিযোগকো নেওচি মন্ত্ৰী কৰি ৰাখিছিল বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে । ইফালে ঘটনা সন্দৰ্ভত এই পৰ্যন্ত কোনো এজাহাৰ দাখিল নকৰা বুলি জানিব পৰা গৈছে । অৱশ্যে এজাহাৰৰ দিয়াৰ বিপৰীতে ৰাইজৰ লগত থকাৰ কথাও উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে ।

ঘটনা সংঘটিত হোৱাৰ কিছুসময় পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই । তেওঁ কয়, "ধুবুৰীৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আজি ৰূপহীলৈ যাওতে যিধৰণে তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছে, ইয়াৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ ।"

ভূপেন বৰাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

তেওঁ লগতে কয়, "এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিক যদি এইধৰণে ৰাস্তাৰ মানুহে ধৰি আক্ৰমণ কৰে আৰু এইধৰণৰ পৰিস্থিতি নতুন নহয় । আনকি মোকো ৰাহুল গান্ধী ডাঙৰীয়াৰ সৈতে আহি থাকোতে চতিয়া থানাৰ পুলিচৰ সন্মুখতে বিজেপিৰ গুণ্ডাই আক্ৰমণ কৰিছিল । কেচ দিয়া হ'ল, আজিলৈকে তাৰ কোনো বিচাৰ নহ'ল । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়তো ৰকিবুল হুছেইন ডাঙৰীয়াক উপৰ্যুপৰি আক্ৰমণ কৰা হ'ল । বহুত কেচ দিয়া হ'ল, ইয়াৰ বিচাৰ নহ'ল ।"

ইয়াৰোপৰি সভাপতি বৰাই কয়, "হিমন্ত বিশ্ব শৰ্মাক মই সঁকিয়াই দিছোঁ, আপুনি যদি ভাবিছে বাহুবল, গাৰ জোৰেৰে আপুনি ৰাজনৈতিক ক্ষমতা সদায় দখল কৰি থাকিব, সেইটো আপুনি ভুল সিদ্ধান্ত লৈছে । যিবোৰ মানুহে ৰকিবুল হুছেইনক আক্ৰমণ কৰিছে ভিডিঅ'ত সকলো ওলায়েই আছে । তাৰপিছতো যদি পুলিচে কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে অসমত যে এটা অৰাজক পৰিস্থিতি, জংঘলৰাজ সৃষ্টি কৰাত যে মুখ্যমন্ত্ৰীয়ে নেতৃত্ব লৈছে, গোটেই আৰক্ষী বিভাগ যে বিজেপিৰ হাথিয়াৰলৈ পৰিণত হৈছে এই কথা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব ।"

লগতে পঢ়ক: ৰাজনীতি নকৰা হ’লেই ভাল আছিল: কিয় ক'লে ভূপেন বৰাই ? - APCC PRESIDENT BHUPEN BORA

কয়লা কেলেংকাৰীকে ধৰি কেইবাটাও বিষয়ত মুখ্যমন্ত্রীলৈ অজাপৰ পোনপটীয়া প্ৰশ্ন - AJP SLAMS ASSAM CM

Last Updated : Feb 20, 2025, 7:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.