লক্ষ্ণৌ : বিশ্বৰ বিভিন্ন প্ৰান্তত হিউমেন মেটানিউমোভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হ’বলৈ ধৰিছে । ভাৰততো ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে HMPV ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্য়ে এগৰাকী মহিলাৰ মৃত্যু হৈছে ৷
জানিব পৰা মতে, চিকিৎসাধীন অৱস্থাতে HMPV ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে মহিলাগৰাকী ৷ মহিলাগৰাকীৰ মৃত্যুৰ পাচতে চিন্তিত হৈ পৰিছে তেওঁৰ আত্মীয়-বৰ্গ তথা তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকল ৷ সকলোৱে এই ভাইৰাছ ৰোধিবলৈ যৎপোৰনাষ্টি ব্যৱস্থা গ্ৰহণ কৰিছে ৷
আমি উল্লেখ কৰা এই ঘটনাটো উত্তৰ প্ৰদেশৰ ৷ এইবাৰ উত্তৰ প্ৰদেশত HMPVৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে । ৰাজধানী লক্ষ্ণৌৰ বলৰামপুৰ জিলা চিকিৎসালয়ত এগৰাকী মহিলা এই ভাইৰাছৰ চিকাৰ হৈ মৃত্যুমুখত পৰিছে বুলি জানিব পৰা গৈছে ।
- উত্তৰ প্ৰদেশত HMPVৰ চিকাৰ
যোৱা ৯ জানুৱাৰীত লক্ষ্ণৌৰ মহিলাগৰাকীৰ দেহত HMPVৰ অৱস্থিতি ধৰা পৰিছিল । সেই সময়ত তেওঁৰ কাহ আৰু জ্বৰৰ সমস্যা হৈছিল তেতিয়া তেওঁ স্থানীয় চিকিৎসকৰ পৰামৰ্শলৈও সুস্থ হোৱা নাছিল । ইয়াৰ পিছত তেওঁক কানপুৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
চিকিৎসকসকলে মহিলাগৰাকীৰ নিউমোনিয়া আৰু এইছএমপিভিৰ সন্দেহ কৰিছিল । ইয়াৰ পিছত মহিলাগৰাকীক বলৰামপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । যেতিয়া তেওঁৰ অৱস্থা সংকটজনক হৈ পৰে তেতিয়া তেওঁক আইচিইউত ভৰ্তি কৰোৱা হয় ।
- প্ৰথমে নিগেটিভ আছিল নমুনাৰ ফলাফল
২২ নৱেম্বৰত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে, যাৰ পিছত মহিলাগৰাকীক লক্ষ্ণৌৰ জিলা চিকিৎসালয় বলৰামপুৰত ভৰ্তি কৰোৱা হয় আৰু নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হয় । সেই সময়ছোৱাত ফলাফল নেতিবাচক আছিল । ৭ জানুৱাৰীত মহিলাগৰাকীৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিছিল । তেতিয়া মহিলাগৰাকীৰ নমুনা ব্যক্তিগত ৰোগ বিজ্ঞান আৰু ৰোগ নিৰ্ণয় কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল ।
এই প্ৰতিবেদনত মহিলাগৰাকী এইছএমপিভি ইতিবাচক বুলি নিশ্চিত কৰা হৈছিল । পিছত মহিলাগৰাকীক পুনৰ বলৰামপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । মঙলবাৰে নিশা প্ৰায় ১১ বজাত চিকিৎসাৰ সময়ত মহিলাগৰাকীৰ মৃত্যু হয় ।মহিলাগৰাকীক ডাঃ এ কে সিঙে চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি আছিল ।
ডাঃ গুপ্তা আৰু ডাঃ বিষ্ণুৰ তত্বাৱধানত চলি আছিল এই চিকিৎসা । উত্তৰ প্ৰদেশত এইছএমপিভিৰ এয়া প্ৰথম ঘটনা । লগে লগে চৰকাৰী চিকিৎসালয়সমূহত এই ভাইৰাছৰ মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা কৰা হৈছে ।
- বলৰামপুৰ চিকিৎসালয়ত মৃত্যু
বলৰামপুৰ চিকিৎসালয়ৰ অধীক্ষক ডাঃ হিমাংশু চতুৰ্বেদীয়ে এই সন্দৰ্ভত কয়, "মহিলাগৰাকীৰ এইছএমপিভি নমুনাৰ ফলাফল প্ৰথমে নেতিবাচক আহিছিল । তেওঁৰ যক্ষ্মা, বৃক্ক, ৰক্তচাপ, হৃদযন্ত্ৰ আৰু অন্যান্য ৰোগো আছিল । সোমবাৰে ৰোগীগৰাকীৰ স্বাস্থ্য সংকটজনক হৈ পৰে । তেওঁক আইচিইউলৈ স্থানান্তৰিত কৰা হৈছিল । অৱশ্যে চিকিৎসাধীন অৱস্থাতে মহিলাগৰাকীৰ মৃত্যু হয় ।"