ইছলামাবাদ : অৱশেষত বহুতো জল্পনা-কল্পনাৰ পিছত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আৰু তেওঁৰ পত্নী বুশ্ৰা বিবিক দোষী সাব্যস্ত কৰিলে আদালতে । ১৯০ নিযুত পাউণ্ড আল-কাদিৰ ট্ৰাষ্ট গোচৰত শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ পত্নীক আদালতে দোষী সাব্যস্ত কৰে । পাকিস্তানৰ ৰাজনৈতিক দল পি টি আইৰ প্ৰতিষ্ঠাপক তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে । আনহাতে, তেওঁৰ পত্নীক সাত বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰা হয় ।
ন্যায়াধীশ নাছিৰ জাভেদ ৰাণাই আদিয়ালা কাৰাগাৰৰ অস্থায়ী আদালতকক্ষত এই ৰায় ঘোষণা কৰে । আদালতে ইমৰাণ খানক ১০ লাখ পাকিস্তানী টকা জৰিমনাও বিহিছে । তদুপৰি তেওঁৰ পত্নীক ৫ লাখ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । জৰিমনা পৰিশোধ কৰাত ব্যৰ্থ হ'লে আৰু ছয় মাহ কাৰাবাস খাটিব লাগিব ।
ন্যায়াধীশে আদিয়ালা কাৰাগাৰৰ বাহিৰত কঠোৰ নিৰাপত্তাৰ মাজত এই ৰায়টো ঘোষণা কৰাৰ পিছত বুশ্ৰা বিবিক আদালত কক্ষৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য় যে যোৱা বছৰ ৮ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতে ২৭ ফেব্ৰুৱাৰীত এই গোচৰটোত এই দম্পতীক অভিযুক্ত কৰা হৈছিল । শুনানিৰ পূৰ্বে পি টি আইৰ অধ্যক্ষ বেৰিষ্টাৰ গোহৰ আলী খানে আদিয়ালা কাৰাগাৰৰ বাহিৰত সাংবাদিকৰ আগত কয়, "যদি উচিত সিদ্ধান্ত গ্ৰহণ কৰা হয় তেতিয়াহ'লে ইমৰাণ খান আৰু বুশ্ৰাক নিৰ্দোষী সাব্যস্ত কৰা হ'ব ।"
ড'নৰ বাতৰি অনুসৰি এই গোচৰটোত অভিযোগ কৰা হৈছে যে ইমৰান খান আৰু বুশ্ৰা বিবিয়ে পি টি আই চৰকাৰৰ সময়ত ইউ কেৰ দ্বাৰা চিনাক্ত কৰা আৰু পাকিস্তানলৈ ঘূৰাই দিয়া পি কে আৰ ৫০ বিলিয়ন আইনীকৰণৰ বাবে বাহৰিয়া টাউন লিমিটেডৰ পৰা শ শ কানাল মূল্যৰ বিলিয়ন টকা আৰু ভূমি লাভ কৰিছিল । উল্লখ্য় যে যোৱা বছৰৰ ২৩ ডিচেম্বৰত ৰায় ঘোষণা কৰাৰ কথা আছিল যদিও ইছলামাবাদৰ দায়বদ্ধতা আদালতে শীতকালীন বন্ধৰ বাবে গোচৰটোৰ ৰায় ৬ জানুৱাৰীলৈ স্থগিত ৰাখিছিল ।
আনহাতে যোৱা ৬ জানুৱাৰীত এই ৰায় ঘোষণা কৰাৰ কথা আছিল যদিও গোচৰটোৰ শুনানি গ্ৰহণ কৰি থকা ন্যায়াধীশ নাছিৰ জাভেদ ৰাণা ছুটীত আছিল । ১৩ জানুৱাৰীত শুনানিৰ সময়ত ন্যায়াধীশে কয় যে আদিয়ালা কাৰাগাৰৰ দায়বদ্ধতা আদালতত ইমৰাণ খান আৰু বুশ্ৰা বিবি উপস্থিত নথকা বাবে ৰায় ঘোষণা কৰা কৰিব পৰা নাছিল । 2023 চনত পি টি আইৰ প্ৰতিষ্ঠাপকগৰাকীক বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।
2024 চনত তেওঁক চাইফাৰ আৰু ইড্ডাট গোচৰত নিৰ্দোষী সাব্যস্ত কৰা হৈছিল । অৱশ্যে টোছাখানা 2 গোচৰত তেওঁক অভিযুক্ত কৰা হৈছিল । ড'নৰ বাতৰি অনুসৰি, ২০২৩ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰীয় দায়বদ্ধতা ব্যুৰ' (এন এ বি)এ আল-কাদিৰ বিশ্ববিদ্যালয় ন্যাসৰ সন্দৰ্ভত ইমৰাণ খান আৰু তেওঁৰ পত্নীসহ আন সাতজনৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছিল ।
এন এ বিৰ দ্বাৰা দাখিল কৰা এই গোচৰটোত অভিযোগ কৰা হৈছে যে বৰ্তমান কাৰাগাৰত থকা ইমৰাণ খানে পাকিস্তানৰ বাবে নিৰ্ধাৰিত পুঁজি ৰখাৰ ক্ষেত্ৰত কৰাচীৰ বাহৰিয়া টাউনৰ দ্বাৰা ভূমি পৰিশোধৰ বাবে নিৰ্ধাৰিত একাউণ্টত লেনদেন কৰিছিল । তথ্য ভাগ-বাটোৱাৰা কৰাৰ একাধিক সুযোগ দিয়া স্বত্বেও অভিযুক্তগৰাকীয়ে ইচ্ছাকৃতভাৱে কোনো অজুহাতত তথ্য প্ৰদান কৰা নাছিল । গোচৰটোৰ সন্দেহযুক্তসকলৰ ভিতৰত আছে টাইকুন মালিক, ৰিয়াজ হুছেইন আৰু তেওঁৰ পুত্ৰ আহমেদ আলী ৰিয়াজ, মিৰ্জা শ্বেহজাদ আকবৰ আৰু জুলফি বুখাৰী । অৱশ্যে, তদন্তত সহযোগ কৰাৰ পৰিৱৰ্তে তেওঁলোক পলাতক হৈ আছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক অপৰাধী (পি অ') বুলি ঘোষণা কৰা হৈছিল বুলি ড'নে উল্লেখ কৰিছে । পৰৱৰ্তী সময়ত ছয়জন অভিযুক্তৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল ।
উল্লেখ্য় যে ৰিয়াজৰ পুত্ৰই শ্বাহজাদীলৈ 240 কানাল মাটি স্থানান্তৰ কৰিছিল । আনহাতে, বুখাৰীয়ে এটা ট্ৰাষ্টৰ অধীনত ভূমি লাভ কৰিছিল যিটো এন এ বিয়ে স্থানান্তৰৰ সময়ত কোনো অস্তিত্বই নাছিল । অভিযোগ মতে, ট্ৰাষ্টটো 190 নিযুত পাউণ্ডৰ হিচাপ মিলোৱাৰ পিছতহে গঠন কৰা হৈছিল । সেই বাবে ইয়াৰ উদ্দেশ্য আৰু বৈধতা সম্পৰ্কে সন্দেহ কৰা হৈছিল ।