গুৱাহাটী: বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে শুক্ৰবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই নিৰ্বাচনত বিজয়ৰ ধাৰা অব্যাহত ৰখাৰ অংগীকাৰ দিলীপ শইকীয়াৰ । নতুন ৰাজ্যিক সভাপতিগৰাকীয়ে দলটোৰ আদৰ্শবাদ প্ৰতিষ্ঠা কৰা সন্দৰ্ভতো কৰিলে মন্তব্য় । অসমক বিকশিত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যক বাস্তৱায়িত কৰিব লাগিব বুলি মন্তব্য় কৰি প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ।
শুক্ৰবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে তেওঁ কয়, "আগন্তক অসম বিধানসভা আৰু অন্যান্য নিৰ্বাচনত বিজয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে বিজেপিৰ কৰ্মকৰ্তাই দুগুণ উৎসাহেৰে কাম কৰিব ।" বিনা প্রতিদ্বন্দ্বিতাৰে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা সাংসদ দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে দলটোৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব লৈ এইদৰে মন্তব্য় কৰি কয়, "বিজেপিৰ মূল লক্ষ্য নিৰ্বাচনত জয়ী হোৱাই নহয়, দলটোৰ আদৰ্শবাদ প্ৰতিষ্ঠা কৰা । অসমক বিকশিত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যক বাস্তৱায়িত কৰিব লাগিব ।"
খিলঞ্জীয়াৰ প্ৰভুত্ব অক্ষুণ্ণ ৰখাৰ অংগীকাৰ লৈ তেওঁ কয়, "বিজেপিৰ কৰ্মকৰ্তাসকলে নীতি পৰিক্ৰমাত গুৰুত্ব দিব । নেতা পৰিক্ৰমা নকৰিব । আদৰ্শক গুৰুত্ব দিব ।" উল্লেখ্য যে গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে আনুষ্ঠানিকভাৱে বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে দিলীপ শইকীয়াৰ নাম ঘোষণা কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলৰ নামো ঘোষণা কৰে ।
ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতিৰ পৰা ৰাজ্যিক সভাপতিলৈ যাত্ৰা:
দিলীপ শইকীয়া ছাত্ৰ অৱস্থাৰ পৰাই আৰ এছ এছৰ সৈতে জড়িত আছিল । ২০০৭ চনত ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি, ২০০৯ চনৰ পৰা ২০১৫ লৈ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় সম্পাদকৰ পদকে ধৰি তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ পদত থাকি বিজেপিৰ সাংগঠনিক কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে । ২০১৯ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সংসদলৈ নিৰ্বাচিত হোৱা শইকীয়াই বিজেপিৰ দুৰ্যোগৰ দিনতো দলৰ বাবে ত্যাগ স্বীকাৰ কৰিছে । সেয়ে শইকীয়া দলৰ সভাপতি হোৱাত বিজেপিৰ ন-পুৰণি সকলো কৰ্মী উৎসাহিত হৈছে ।
আবেগিক বিদায়ী সভাপতি ভৱেশ কলিতা:
এই অনুষ্ঠানত বিদায়ী সভাপতিৰ ভাষণ প্ৰদান কৰি আবেগিক হৈ পৰে ভৱেশ কলিতা । তেওঁ ভাষণত হিন্দু ৰাষ্ট্ৰ গঠনৰ অংগীকাৰ কৰে । উল্লেখ্য ২০২১ চনৰ জুনত ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল । তিনি বছৰৰ এটা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত বৰ্দ্ধিত আঠ মাহ কাৰ্যকালৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে দিলীপ শইকীয়াই দায়িত্ব গ্ৰহণ কৰে । আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্ৰ, অসমৰ তত্ত্বাৱধায়ক হৰিশ দ্বিবেদী আদিয়েও বক্তব্য আগবঢ়ায় ।