ETV Bharat / state

মাজুলীৰ পৰা ভাগৱত লৈ মহাকুম্ভমেলালৈ যাত্ৰা বৈষ্ণৱ দলৰ - MAHA KUMBH MELA

মহাকুম্ভমেলাত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ব গুৰু আসন ।

NAMGHAR ESTABLISHED AT KUMBH MELA
মহাকুম্ভমেলাত গুৰু আসন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 17, 2025, 5:38 PM IST

মাজুলী: প্ৰথমবাৰৰ বাবে মহাকুম্ভমেলাত প্ৰদৰ্শন হ'ব অসমৰ সত্ৰীয়া সংস্কৃতি । মাজুলীৰ ঐতিহাসিক আউনিআটি সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ দুগৰাকীৰ নেতৃত্বত সত্ৰ দুখনৰ দুটি বৈষ্ণৱ দলে অংশগ্ৰহণ কৰিব এই মহাকুম্ভমেলাত । প্ৰয়াগৰাজৰ কুম্ভমেলাত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ'ব অসমৰ সত্ৰীয়া সংস্কৃতি ।

মাজুলীৰ পৰা ভাগৱত লৈ শুকুৰবাৰে মহাকুম্ভমেলালৈ যাত্ৰা কৰে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগতে সত্ৰখনৰ এটি বৈষ্ণৱৰ দলে । প্ৰথমবাৰৰ বাবে প্ৰয়াগৰাজত নিৰ্মাণ হৈছে নামঘৰ মণিকূট আৰু ৰাঙলীচ'ৰা ।

মহাকুম্ভমেলাত গুৰু আসন (ETV Bharat Assam)

কুম্ভমেলাত প্ৰথমবাৰৰ বাবে 'প্ৰাগজ্যোতিষ' নামেৰে বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । সত্ৰাধিকাৰগৰাকীৰ নেতৃত্বত নিৰ্মাণ হৈছে নামঘৰৰ মণিকূট । উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী বৈষ্ণৱ ৰাজীৱ কাকতিৰ লগতে ৰঞ্জন গায়ন, বিপুল খাটনিয়াৰ, লক্ষীৰাম বৰুৱা, পাপু বৰুৱাই ইতিমধ্যে যোৱা ৪ জুলাইৰ পৰা নিৰ্মাণ কৰি আছে নামঘৰ । শিল্পীৰ দল এটাই এই নামঘৰ নিৰ্মাণ কৰিছে । গুৰুজনাৰ অমৰ সৃষ্টি ৰামবিজয় নাট, দশাৱতাৰ নৃত্য, সত্ৰীয়া নৃত্য, গায়ন-বায়ন আৰু ৭ দিনীয়া ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিব ।

আজি মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ পৰা গায়ন-বায়নেৰে সত্ৰাধিকাৰগৰাকীয়ে কুম্ভমেলালৈ যাত্ৰা আৰম্ভ কৰে । সত্ৰাধিকাৰৰ এই যাত্ৰাৰ সময়ত শুভেচ্ছা জনাই মাজুলীৰ বিধায়ক ভূৱন গাম আৰু জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে । আনহাতে, ড৹ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত আউনীআটী সত্ৰৰ ৪০ জনীয়া এটি বৃহৎ বৈষ্ণৱৰ দলে অংশগ্ৰহণ কৰিব মহাকুম্ভমেলাত । আউনীআটী সত্ৰৰ দলটোৱে হিয়ানাম, অপ্সৰা নৃত্য, ঠিয়নাম সংকীৰ্তন, ভাওনা, ভাগৱত পাঠ আদি অনুষ্ঠান অনুষ্ঠিত কৰিব ।

১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত ৪৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে মহাকুম্ভ মেলা । উত্তৰ কমলাবাৰীৰ ১৫ জনীয়া শিল্পীৰ দলটো সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত গাড়ীৰে ১৮ জানুৱাৰীত গুৱাহাটীৰ পৰা ৰাওনা হ'ব এই কুম্ভমেলালৈ ।

লগতে পঢ়ক:মহা কুম্ভমেলা 2025 : ইতিহাসৰ সৰ্ববৃহৎ সমাবেশৰ বাবে সাজু প্ৰয়াগৰাজ - MAHA KUMBH MELA 2025

মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল নামঘৰ: প্ৰদৰ্শন হ'ব ভাওনা-সত্ৰীয়া সংস্কৃতি - NAMGHAR AT MAHA KUMBH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.