অসম

assam

ETV Bharat / bharat

পৰ্যটকৰ বাবে বাম্পাৰ অফাৰ ! বিনামূলীয়া এন্ট্ৰী তাজমহলত - TAJ MAHAL ENTRY FREE TODAY - TAJ MAHAL ENTRY FREE TODAY

Eid al Adha 2024 : আজি সমগ্ৰ দেশজুৰি বকৰী ঈদ তথা কুৰবানী ঈদ উদযাপন কৰা হৈছে । এই বিশেষ দিনটোৰ উপলক্ষে পৰ্যটকসকললৈ অফাৰ ৷ আজিৰ দিনটোত আপুনি পৰ্যটকসকলে বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব তাজমহলত ৷

Eid al Adha 2024
পুৱা ৭ বজাৰ পৰা ১০ বজালৈ বিনামূলীয়া এন্ট্ৰী (Etv Bharat HINDI)

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 9:26 AM IST

নেশ্যনেল ডেস্ক, 17 জুন :আজি ঈদ-উদ-জোহা ৷ এই বিশেষ উৎসৱৰ উপলক্ষে সোমবাৰে পুৱা প্ৰেমৰ প্ৰতীক তাজমহলত তিনি ঘণ্টাৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে ৷ কিন্তু তাজমহলৰ মূল গম্বুজটো দৰ্শন কৰিবলৈ পৰ্যটকসকলে 200 টকাৰ টিকট ক্ৰয় কৰিব লাগিব ।

আনহাতে, অহা 21 জুন শুকুৰবাৰে বিশ্ব যোগ দিৱসৰ উপলক্ষে সমগ্ৰ দেশৰ সকলো স্মৃতিস্তম্ভসমূহত প্ৰৱেশ বিনামূলীয়া কৰা হ'ব । অৱশ্যে, সেইদিনা শুকুৰবাৰৰ বাবে তাজমহল সাপ্তাহিকভাৱে বন্ধ থাকিব । আগ্ৰা ফ’ৰ্ট, ফতেহপুৰ চিক্ৰীকে ধৰি সকলো স্মৃতিস্তম্ভসমূহত পৰ্যটকৰ প্ৰৱেশ বিনামূলীয়া হ’ব ।

উল্লেখ্য যে, তাজমহল আৰু আগ্ৰা ফ’ৰ্টকে ধৰি অন্যান্য স্মাৰকসমূহ চাবলৈ প্ৰতিদিনে হাজাৰ হাজাৰ দেশী আৰু বিদেশী অতিথি উপস্থিত হয় । অৱশ্যে, গৰমৰ বাবে এতিয়া পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছে । তাজমহল চাবলৈ, প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে 50 টকাত প্ৰৱেশ টিকট ক্ৰয় কৰিব লাগে ।

বিদেশী পৰ্যটকৰ বাবে, এই টিকটৰ মূল্য হৈছে 1,150 টকা । তাজমহলৰ মূল ড’ম দৰ্শন কৰিবলৈ ভাৰতীয় আৰু বিদেশী পৰ্যটকসকলে 200 টকাৰ টিকট ক্ৰয় কৰিব লাগিব ৷ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)য়ে 2018 চনৰ ডিচেম্বৰৰ পৰা তাজমহলৰ মূল গম্বুজৰ বাবে 200 টকাৰ অতিৰিক্ত টিকট প্ৰৱৰ্তন কৰা হৈছে ।

ড৹ ৰাজকুমাৰ পেটেলে কয় যে, বকৰী ঈদত তাজমহলৰ শ্বাহী মছজিদত তাজ গঞ্জৰ স্থানীয় লোকসকলে ঈদৰ নামাজ পালন কৰিব । সোমবাৰে, তাজমহলত তিনি ঘণ্টাৰ বাবে পুৱা 7 বজাৰ পৰা 10 বজালৈ দেশী আৰু বিদেশী পৰ্যটকৰ বাবে প্ৰৱেশ বিনামূলীয়া হ'ব ।

লগতে পঢ়ক:View Taj mahal : শৰৎ পূৰ্ণিমাত চন্দ্ৰ আৰু তাজমহলৰ নৈসৰ্গিক মিলন, পৰ্যটকৰ ভিৰ

ABOUT THE AUTHOR

...view details