শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা নতুন ৱেব পৰ্টেলৰ শুভাৰম্ভ - শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা নতুন ৱেব পৰ্টেলৰ শুভাৰম্ভ
🎬 Watch Now: Feature Video

শিৱসাগৰ জিলাত জিলা প্ৰশাসনে জিলাখনৰ নগৰ, চহৰ,গাঁও, দলং আদিৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে এক নতুন ৱেব পৰ্টেল মুকলি কৰিছে । উপায়ুক্ত কাৰ্যালয়ত শনিবাৰে এক সংবাদ মেলৰ জড়িয়তে জিলা খনৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগে এক সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জিলা উপায়ুক্ত সকলৰ লগত ক্ৰমে ডিফু আৰু গুৱাহাটীত হোৱা আলোচনাৰ সিদ্ধান্তৰ এপৰত ভিত্তি কৰি শিৱসাগৰ জিলা প্ৰশাসনে এই পৰ্টেল মুকলি কৰিছে(New web portal launch in Sivsagar DC office) । ঠাই,গাওঁ আৰু দলঙৰ নাম সলনি কৰাৰ বাবে ৰাইজে এই পৰ্টেলৰ জৰিয়তে উপাযুক্ত কাৰ্যালয়লৈ নোযোৱাকৈয়ে ঘৰৰ পৰা আবেদন কৰিব পাৰিব । ৰাইজে sivasagar.nic.nic.in পৰ্টেলত নাম সলনি কৰাৰ আবেদন দাখিল কৰিব পাৰিব । ইতিহাস নথকা তথা বিকৃত নামেৰে পৰিচিত হৈ থকা স্থান, পথ, গাঁও, নগৰ, চহৰ, দলং আদিৰ নাম সলনি কৰাৰ বাবে ৰাইজে এই পৰ্টেলৰ সহায় লব পাৰিব বুলি সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত নেওগে প্ৰকাশ কৰে ।