ETV Bharat / state

গোলাঘাটত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ টাই-আহোম সংগঠনৰ - FIR AGAINST SANKARADEVA SANGHA

শ্ৰীমন্ত শংকৰদেৱ সংঘই বৃহত্তৰ অসমীয়া জাতিক ভাগ ভাগ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ অভিযোগ টাই-আহোম সংগঠনৰ ৷

FIR against Sankaradeva Sangha in Golaghat
শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ টাই-আহোম সংগঠনৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 10:33 PM IST

গোলাঘাট : আহোম জনগোষ্ঠীয় সংগঠন সদৌ অসম আহোম সভা তথা টাই আহোম যুৱ পৰিষদ, অসম আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজত চলা সংঘাত অব্যাহত আছে । টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সদস্যক সংগী পদৰ পৰা অব্যাহতি দিয়াৰ নিদেৰ্শ দিয়াৰ পিচতেই আৰম্ভ হৈছে সংঘাত ।

দেওবাৰে গোলাঘাট সদৰ আৰক্ষী থানাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ, সম্পাদক আৰু বিষয়ববীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে সদৌ অসম আহোম সভাৰ গোলাঘাট জিলা সমিতি আৰু টাই আহোম যুৱ পৰিষদ, অসমৰ গোলাঘাট জিলা সমিতিয়ে । গোচৰ ৰুজু কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে সৰৱ হৈ পৰে আহোম সংগঠনৰ নেতৃত্বই । শ্ৰীমন্ত শংকৰদেৱ সংঘই বৃহত্তৰ অসমীয়া জাতিক ভাগ ভাগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

গোলাঘাটত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ টাই-আহোম সংগঠনৰ (ETV Bharat Assam)

এই সম্পৰ্কে সদৌ অসম আহোম সভাৰ বিষয়ববীয়া মুনিন্দ্ৰ মোহন গগৈয়ে কয়, " শ্ৰীমন্ত শংকৰদেৱ সংঘই অনাকাংক্ষিতভাৱে বৃহত্তৰ অসম তথা অসমীয়া জাতিৰ গুৰি ধৰোতা স্বৰ্গদেউ চাউলুং চুকাফাই যি আদৰ্শৰে বৃহত্তৰ অসমীয়া জাতি সৃষ্টি কৰিলে সেই অসমীয়া জাতিক শ্ৰীমন্ত শংকৰদেৱ সংঘই ভাগ ভাগ কৰা দেখা পাইছো । তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিবলৈ থানাই থানাই গোচৰ ৰুজু কৰিছে । আমাৰ আহোম জনগোষ্ঠীৰ মে ডাম মে' ফি তেওঁলোকে অস্পৃশ্য বুলি কৈছে । এই কথাত আমি মৰ্মাহত হৈছো যে বৃহত্তৰ অসমীয়া জাতিৰ লগত আমি সদায় আছো । এনে ভাৰতীয় সংবিধান বিৰোধী কাৰ্যক আমি ধিক্কাৰ জনাইছো । তেখেতসকলে অকল টাই আহোম জনগোষ্ঠী নহয়, সকলো জাতি-জনগোষ্ঠীক অপমান কৰিছে ।"

FIR against Sankaradeva Sangha in Golaghat
গোলাঘাটত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ টাই-আহোম সংগঠনৰ (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "কৈৱৰ্ত সকলকো পিছপৰা জাতি বুলি কৈ অপমান কৰিছে । শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা ভাগৱত, কীৰ্তনঘোষা উপাসনা কৰাৰ লগতে নামঘৰ প্ৰতিষ্ঠা কৰি সমাজত উচ্চ শ্ৰেণীলৈ ৰূপান্তৰিত হৈছে তেনেস্থলত কৈৱৰ্তসকলক কিয় পিছপৰা জাতি বুলি ক'ব । ইয়াৰ উপৰি শ্ৰীমন্ত শংকৰদেৱে সংঘই যদি আহোম জনগোষ্ঠীৰ পৰম্পৰাক নস্যাৎ কৰে এই কথা আমি মানি নলও, যাৰ পৰিপ্ৰেক্ষিতত আজি আমি সংঘৰ পদাধিকাৰ, সম্পাদক আৰু বিষয়ববীয়াৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ,আহোম সভা,মহিলা পৰিষদ সকলোৱে একত্ৰিত হৈ গোলাঘাট সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছো । এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো ।"

লগতে পঢ়ক:এইবাৰ যোৰহাটত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ টাই-আহোম সংগঠনৰ - FIR AGAINST SANKARADEV SANGHA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.