thumbnail

By

Published : Jun 18, 2022, 4:57 PM IST

ETV Bharat / Videos

ভৰ বাৰিষাৰ মাজতো মৰণত শৰণ দি দ্ৰোপাং নৈৰে বিপদসংকুল যাত্ৰা

এফালে ৰাজ্যত নেৰানেপেৰা বৰষুণ আৰু আনফালে বানৰ প্ৰকোপ (Flood in Assam 2022) ৷ ইয়াৰ মাজতে লখিমপুৰত ভৰ বাৰিষা নৈৰ মাজেৰে বিপদসংকুল যাতায়ত একাংশ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ । ভৰ বাৰিষাৰ ফলত ফেনে-ফুটুকাৰে বাঢ়িছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খৰশ্ৰোতা দ্ৰোপাং নৈ ৷ নদীখনৰ দুয়োপাৰে দুটা বৃহৎ মাথাউৰি নিৰ্মাণ কৰা হৈছে যদিও যাতায়তৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে এটা বৃহৎ অঞ্চলৰ ৰাইজে (No bridge in Lakhimpur) । দ্ৰোপাং, নাহৰণি, পুলিনাহৰণী আদি বহু গাঁৱৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীসকলে প্ৰতি দিনে বিপদসংকুলভাৱে মৰণত শৰণ দি যাতায়ত কৰিব লগা হৈছে ৷ আনকি কোনো কোনো সময়ত নদীৰ জলস্তৰ বৃদ্ধি পালে দুয়োপাৰৰ ৰাইজৰ বাবে ব্যাহত হৈ পৰে যাতায়ত তথা যোগাযোগ ব্যৱস্থা । এখন দলঙৰ বাবে বছৰ বছৰ ধৰি বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন কৰা হৈছে যদিও এই ক্ষেত্ৰত বিফল হৈছে সাধাৰণ জনতা । এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.