লখিমপুৰৰ বিভিন্ন স্থানত উলহ মালহেৰে পালন শ্ৰীকৃষ্ণৰ জন্মাষ্টমী

By

Published : Aug 19, 2022, 9:41 PM IST

thumbnail
আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী (Krishna janmashtami 2022)৷ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ লখিমপুৰৰ বিভিন্ন স্থানত উলহ-মালহেৰে পালন কৰা হয় জন্মাষ্টমী। জন্মাষ্টমী উপলক্ষে পুৱাৰে পৰা নামঘৰসমূহ নাম কীৰ্তনৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে । উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ উদ্যোগত কৃষ্ণ গোকুলমৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ পালন কৰা হয় (Sri Krishna Janmashtami celebrates in Lakhimpur)। এই অনুষ্ঠানত পুৱা ধৰ্ম ধ্বজা উত্তোলনেৰে দিনটোৰ কাৰ্য্যসূচী শুভাৰম্ভণি কৰা হয় । পুৱা ভগৱান কৃষ্ণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি সম্বৰ্ধনা অনুষ্ঠানৰ শুভাৰম্ভ কৰে জগদীশ বাজাজে। এই অনুষ্ঠানত জিলাখনৰ ৭০ গৰাকী বয়োজ্যেষ্ঠক উদযাপন সমিতিৰ তৰফৰ পৰা কৃষ্ণৰ বেশভূষা পৰিহিত শিশুসকলৰ দ্বাৰা সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পিছত এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.