ভৰলুক প্ৰদূষণ মুক্ত কৰাৰ আহ্বান জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মাৰ - প্ৰায় 330 টা নলা নৰ্দমাৰ জৰিয়তে লেতেৰা পানী পৰে ভৰলুত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 26, 2021, 8:42 PM IST

ভৰলু নৈ নিষ্কাশনৰ নামত জি এম চিয়ে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰিছে যদিও আজি পৰ্যন্ত পৰিষ্কাৰ নহ’ল ভৰলু আৰু মৰা ভৰলু ৷ মহানগৰবাসীয়ে পেলোৱা আৱৰ্জনাৰে ভৰলুৰ পানী বৰ্তমান ডাঠ ক'লা আৰু দুৰ্গন্ধময় হৈ পৰিছে ৷ প্ৰায় 330 টা নলা নৰ্দমাৰ জৰিয়তে ভৰলুত নিতৌ পৰে মানুহৰ ঘৰ, দোকান-পোহাৰ তথা কল কাৰখানাৰ পৰা ওলোৱা লেতেৰা পানী ৷ অতি বিপজ্জনক কথাটো হ'ল যে, ভৰলুৰ প্ৰদূষিত পানীয়ে মহানগৰীৰ জলস্তৰ দূষিত কৰিছে ৷ এই সম্পৰ্কে জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "ভৰলু আৰু মৰাভৰলুৰ পানী যথেষ্ঠ প্ৰদূষিত হৈ পৰিছে ৷ ফলত মহানগৰীৰ জলস্তৰ প্ৰদূষিত হৈছে ৷ সেই প্ৰদূষিত পানীকে গুৱাহাটীবাসীয়ে টিউবেল বা বৰিঙৰ জৰিয়তে ব্যৱহাৰ কৰি আহিছে৷ সেইকাৰণে খুউৱ সাৱধান হোৱাৰ সময় আহি পৰিছে ৷" ইয়াৰ লগতে ভৰলুক প্ৰদূষণ মুক্ত কৰাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক অনতি পলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে সত্যেন শৰ্মাই ৷ ইয়াৰ উপৰি এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনক দোষ দি লাভ নাই বুলি মন্তব্য কৰি এইক্ষেত্ৰত জনসাধাৰণ নিজেও সচেতন হোৱা উচিত বুলি মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মাই ৷ ইপিনে কামৰূপ মহানগৰ জিলা উপায়ুক্তই প্লাষ্টিক বন্ধ কৰাৰ বাবে কেইবাবাৰো নিৰ্দেশ জাৰি কৰিছে যদিও সেয়া ফাইলতে থাকি গৈছে ৷ তদুপৰি মহানগৰীত ছোৱেৰেজ চিষ্টেমে নাই বুলি মন্তব্য কৰি চৰকাৰ প্ৰশাসনক ছোৱেৰেজ বৰ্ডখনে (sewerage board) কি কাম কৰি আছে তাৰ খবৰ ৰাখিব লাগে বুলি মন্তব্য কৰে সত্যেন শৰ্মাই ৷ GMC , GMDA, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড আৰু ছোৱেৰেজ ব'ৰ্ড একে লগে মিলি সজাগ হৈ ভৰলুৰ প্ৰদূষণ ৰোধ কৰিবলৈ চেষ্টা কৰিলে নোৱাৰাৰ কোনো কাৰণ নেদেখো বুলি মন্তব্য কৰে সত্যেন শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.