পদপথৰ কুকুৰৰ মুখত প্লাষ্টিকৰ টেমা: স্বেচ্ছাসেৱী সংগঠনে দিলে সকাহ
🎬 Watch Now: Feature Video
বৰপেটাৰ হাউলীত এটা অসহায় কুকুৰ । কুকুৰটোৰ মুখত আকস্মিকভাৱে সোমাই পৰিল এটা টেমা । তাৰপাছত কেইবাদিনো ধৰি ভীষণ যন্ত্ৰণা ভোগ কৰি আছিল কুকুৰটোৱো । কোনো অসচেতন ব্যক্তিয়ে পথত দলিয়াই থৈ যোৱা প্লাষ্টিকৰ টেমাটো ওলাই নপৰাত বিগত কেইবাদিনো ধৰি এনেদৰেই ঘূৰি ফুৰিছিল কুকুৰটো(Stray dog story) । যাৰ ফলত খাদ্যও খাব পৰা নাছিল কুকুৰটোৱে । স্থানীয় একাংশ লোকে কুকুৰটোৰ সেই অৱস্থা দেখি কুকুৰটোৰ মুখৰ পৰা টেমাটো খুলি দিবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাছিল । অৱশেষত নীলম দাসৰ নেতৃত্বত স্বেচ্ছাসেৱী সংস্থাই আগবাঢ়ি আহি অসহায় কুকুৰটোৰ মুখৰ পৰা টেমাটো আঁতৰাই কুকুৰটোক স্বাভাৱিক জীৱন ঘুৰাই দিয়ে(Helpless street dog helped by NGO) ।
Last Updated : Sep 3, 2022, 11:02 PM IST