জোনাইৰ ঐতিহ্যমণ্ডিত কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচী

By

Published : May 16, 2022, 10:01 PM IST

thumbnail
কৃষ্ণৰ নামেৰে মুখৰিত জোনাই ঐতিহ্যমণ্ডিত কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ ৷ ঐতিহ্যমণ্ডিত কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা বৰসভাৰ সোমবাৰে সফল সামৰণি ঘটে (spiritual Programme held at historical central Namghar) ৷ এই অনুষ্ঠানত নাম প্ৰসংগ, প্ৰাৰ্থনা, ডবা, শংখ আদি মন-প্ৰাণ পুলকিত কৰা মাংগলিক ধ্বনিৰ সমাহাৰে মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, ঐতিহ্যমণ্ডিত জোনাই সাৰ্বজনীন নামঘৰত প্ৰতিষ্ঠা কালৰে পৰাই প্ৰতি বছৰে এইদৰে বৰনাম উদযাপন কৰি অহা হৈছে যদিও বিগত বৰ্ষত ক'ভিড আতংকৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল । অৱশ্যে এইবাৰ ক'ভিডৰ ভয়াৱহতা কিছু ম্লান পৰাত পূৰ্বৰ উৎসাহেৰে এদিনীয়াকৈ উদযাপন কৰিলে বৰসভা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.