thumbnail

By

Published : Sep 14, 2022, 10:40 PM IST

ETV Bharat / Videos

নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ সিদ্ধান্ত: জয়পুৰ ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নামৰূপ সাৰ কাৰখানালৈ অশনি সংকেত । যিকোনো মূহুৰ্ততে বিক্ৰী হ'ব পাৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা (BVFCL Namrup) । সকলো ঠিকে থাকিলে চলিত বিত্তীয় বৰ্ষতে মোদী চৰকাৰে বিক্ৰী কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিজীৱি সকলৰ একমাত্ৰ ভৰসা এই সাৰ কাৰখানাটো । এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা বিক্ৰী কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত আজি জয়পুৰ ব্লক কংগ্ৰেছ কমিটিয়ে নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । অনুষ্ঠানটোত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, জয়পুৰ ব্লক কংগ্ৰেছৰ সভাপতি-সম্পাদককে ধৰি দলৰ বহুতো বিষয়ববীয়া উপস্থিত থাকে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত মানি লোৱা নহ'ব বুলি সকীয়াই দিয়ে প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে (Former Minister Pranati Phukan) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.