নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক জেংৰাইমুখ টাউন

By

Published : Jul 6, 2022, 5:49 PM IST

thumbnail

মাজুলীত গৰা খহনীয়াৰ কাল ৰূপ (Erosion in Majuli)। এফালে যদি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই মাজুলীৰ বিভিন্ন স্থানত লৈছে ভয়ংকৰ ৰূপ, আনফালে আকৌ খেৰকটীয়া সুঁতিতো আৰম্ভ হৈছে খহনীয়াৰ তাণ্ডৱ । খেৰকটীয়া সুঁতিৰ খহনীয়াৰ কবলত পৰিছে মাজুলীৰ বহু অঞ্চল (Many areas of Majuli are under flood)। আনকি সুঁতিৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ঐতিহাসিক জেংৰাইমুখ টাউন । খেৰকটীয়া সুঁতিৰ মাত্ৰ ১৫ ৰ পৰা ২০ মিটাৰ নিলগত আছে কবি অজিৎ বৰুৱাৰ কবিতাৰ উৎস ঐতিহাসিক জেংৰাইমুখ । যিকোনো মূহুৰ্ততে খেৰকটীয়া সুঁতিৰ বুকুত জাহ যাব পাৰে জেংৰাইমুখ সামূহিক ভৱন আৰু ঐতিহাসিক জেংৰাইমুখ টাউন । সেয়েহে এই খহনীয়া ৰোধৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা স্থানীয প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.