thumbnail

By

Published : Jun 19, 2022, 10:16 PM IST

ETV Bharat / Videos

কপিলীৰ পাছত এইবাৰ কামপুৰত নিশাৰী নৈৰ তাণ্ডৱ

কামপুৰত এতিয়া বানৰ তাণ্ডৱ(Flood situation of Assam) । কপিলী পিছতে নিশাৰী নৈয়ে চলাইছে তাণ্ডৱ । নিশাৰী নৈৰ বানত তচনচ নগাঁও জিলাৰ কামপুৰৰ তেতেলীসৰা পঞ্চায়তৰ প্ৰায় ১৬ খনকৈ গাঁও(Flood at Kaliabar) । তেতেলীসৰা, পলশা, গ্ৰান্ট, মনোহৰ গাঁৱকে আদি কৰি কামপুৰ ৰাজহ চক্ৰৰ প্ৰায়সমূহ গাঁও এতিয়া পানীৰ তলত । নিতৌ ন ন অঞ্চল প্লাৱিত হৈছে বানত । ঠায়ে ঠায়ে বিচ্ছিন্ন হৈছে যোগাযোগ ব্যৱস্থা । ওখ ঠাইলৈ ঢাপলি মেলিছে বন্যাৰ্তই । এমুঠি আহাৰৰ বাবে হাহাকাৰ বনাক্ৰান্তৰ । বানৰ কৱলত পৰি ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছে বহুলোক । ঘৰৰ ভিতৰত একাঁঠু, একঁকাল পৰ্যন্ত পানী । তেতেলীসৰাত বিচনাৰ ওপৰত চকী পাৰি আশ্ৰয় লৈছে বানাক্ৰান্তই । বৰ্তমানলৈকে চৰকাৰ তথা জনপ্ৰতিনিধি উপস্থিত হোৱা নাই বানপীড়িতৰ কাষত । যাৰফলত এতিয়া অনাহাৰেই দিন কটাবলগীয়া হৈছে বন্যাৰ্তই । প্ৰশাসনৰ ফালৰ পৰা কোনোধৰণৰ সহায় নোপোৱাৰ অভিযোগ তেতেলীসৰাবাসীৰ বন্যাৰ্তৰ । ঘৰৰ ভিতৰতে মৰণক শৰণ দি আশ্ৰয় লৈ আছে বন্যাৰ্তই(Critical flood situation in Kampur) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.