টীয়কৰ কৃষি পথাৰত চিৰাল ফাট - Draught weather in Teok

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 27, 2022, 2:52 PM IST

কোনোফালে যেন নিস্তাৰ নাই চহা কৃষকৰ । ৰাজ্যৰ বিভিন্ন স্থানত বানে কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰি থৈ যোৱাৰ পাছত যি দুই এডৰা কৃষি কৰ্ম কৰিছিল,সেয়াও এতিয়া নিঃশেষ হোৱাৰ পথত । দীৰ্ঘদিন বৰষুণৰ অভাৱত বহু শালিধানৰ পথাৰত এতিয়া চিৰাল ফাট মেলিছে । এয়া টীয়কৰ হোজাই কাণ পথাৰৰ দৃশ্য(Draught weather in Teok) । ধানে গেৰ ধৰাৰ সময় সমাগত হোৱাৰ সময়তে এই অৱস্থা কৃষি পথাৰৰ । পথাৰখনত শ শ বিঘা কৃষিভূমি মজাখোৱা পোকে এফালৰ পৰা খাই তহিলং কৰিছে । যাৰ পৰিণতিত কৃষকে মুৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । কাণসাৰ নাই কৃষি বিভাগৰ । ইপিনে ৰাজ্যৰ জলসিঞ্চন বিভাগে(Irrigation Department ) পথাৰত পানী যোগানৰ বাবে স্থাপন কৰা পানীযোগান আঁচনিসমূহো এতিয়া ফুলদানিৰ দৰেহে হৈ পৰিছে । সেয়ে এই ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ কৃষি বিভাগক আহ্বান জনাইছে কৃষকসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.