thumbnail

By

Published : Jul 22, 2022, 3:57 PM IST

ETV Bharat / Videos

National Herald case: শাসনাধিস্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে শিৱসাগৰত কংগ্ৰেছৰ প্ৰতিবাদ

ৰাজ্যত আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদত উত্তাল হ’ল শিৱসাগৰ ৷ কেন্দ্ৰীয় চৰকাৰে এনফৰ্চমেণ্ট ডাইৰেক্টৰৰ জৰিয়তে কংগ্ৰেছ দলৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীক ব্যতিব্যস্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে শিৱসাগৰ কংগ্ৰেছ দলে (National Herald case) ৷ যাৰ বিৰোধিতাৰে শুকুৰবাৰে শিৱসাগৰ জিলা কংগ্ৰেছে বাহিৰ কৰে এক প্ৰতিবাদী সমদল (Sivasagar district Congress protest against BJP govt) । শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জীৰ গগৈৰ নেতৃত্বত এই সমদল বাহিৰ কৰি বিজেপি চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে (Congress protest in front of Sivasagar DC office)। কংগ্ৰেছ দলে এনে ষড়যন্ত্ৰক ধিক্কাৰ দি আগন্তুক নিৰ্বাচনত বিজেপি দলে নিজৰ দুৰ্বলতা ঢাকিবৰ বাবে এইদৰে কংগ্ৰেছ দলৰ শীৰ্ষ নেতাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও অভিযোগ উত্থাপন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.