বৰমাত বিধায়কৰ নেতৃত্বত স্বচ্ছ অভিযান - Cleanliness drive led by Barama MLA

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 16, 2022, 2:14 PM IST

ব’হাগৰ দ্বিতীয়টো দিনত বাক্সা জিলাৰ বৰমাত বিধায়ক ভূপেন বড়োৰ নেতৃত্বত স্বচ্ছ অভিযান শীৰ্ষক কাৰ্যসূচী(Cleanliness drive led by Barama MLA) ৰূপায়ণ ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ইউপিপিএল, বিজেপি মিত্ৰজোঁটৰ সদস্যসকলে ৷ বিধায়কগৰাকীক এই কাৰ্যত সহযোগিতা আগবঢ়াই বৰমা চেম্বাৰ অৱ কমাৰ্চ(Barma Chamber of Commerce) আৰু বৰমা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিতুমণি গোস্বামীৰ লগতে বৰমা ব্যৱসায়ী সন্থাই ৷ বিটিআৰৰ অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিচিত বৰমাখন চাফ-চিফুণ কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন বুলি বিধায়ক ভূপেন বড়োৱে মত ব্যক্ত কৰে ৷ তদুপৰি পৰৱৰ্তী সময়ত বৰমাক এখন সুন্দৰ চহৰ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে বৰমাক পৌৰসভাৰ এলেকাধীন কৰাৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰৰ সৈতে আলোচনা কৰা হোৱা বুলি সদৰি কৰে বিধায়কগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.