ETV Bharat / technology

8 মাহৰ অন্তত পৃথিৱীলৈ আহিবলৈ সাজু মহাকাশ কেন্দ্ৰত আবদ্ধ নাছাৰ মহাকাশচাৰী - ASTRONAUTS RETURN TO EARTH

অৱশেষত পৃথিৱীলৈ ঘূৰি আহিবলৈ প্ৰস্তুতি চলাইছে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ লগতে আন আবদ্ধ মহাকাশচাৰীসকলে ৷

sunita-williams-prepares-for-fiery-return-to-earth-aboard-dragon
8 মাহৰ অন্তত পৃথিৱীলৈ আহিবলৈ সাজু হৈছে মহাকাশ কেন্দ্ৰত আবদ্ধ নাছাৰ মহাকাশচাৰী (NASA/Robert Markowitz)
author img

By ETV Bharat Tech Team

Published : Feb 25, 2025, 1:57 PM IST

হায়দৰাবাদ: প্ৰায় 8 মাহ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকাৰ পাচত অৱশেষত পৃথিৱীলৈ আহিবলৈ সাজু হৈছে নাছাৰ মহাকাশচাৰী নিক হেগ, সুনীতা উইলিয়ামছ আৰু বাচ্চ উফলম’ৰ ৷ নাছাৰ স্পেচএক্স ক্ৰু-9 ৰ সদস্যসকলে নাছাৰ মহাকাশচাৰী নিক হেগ, সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰৰ লগতে ৰস্কোচমছৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভৰ সৈতে শেহতীয়াকৈ পৃথিৱীলৈ উভতি অহাৰ বাবে প্ৰস্তুতি চলাইছে বুলি নাছাই জনায় ।

ক্ৰুৱে কম্পিউটাৰত পুনৰ প্ৰৱেশ পদ্ধতিৰ অভ্যাস কৰিছিল, যাৰ ফলত তেওঁলোকে স্পেচএক্স ড্ৰেগনৰ ক্ৰু মহাকাশযানত উঠি পৃথিৱীৰ বায়ুমণ্ডলত নিৰাপদে পুনৰ প্ৰৱেশ কৰিবলৈ সুসজ্জিত হোৱাটো নিশ্চিত কৰিছিল । নাছাৰ স্পেচএক্স ক্ৰু-10 অভিযানৰ আগমনৰ প্ৰায় এসপ্তাহৰ পাছত ক্ৰু-9 ৰ দলটোৱে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ (ISS) ডক কৰিবলৈ ওলাইছে ।

ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা 12 মাৰ্চত উৎক্ষেপণ হ’বলগীয়া ক্ৰু-10-এ নাছাৰ মহাকাশচাৰী এন্নে মেকক্লেইন আৰু নিকোল আয়াৰ্ছ, ৰস্কোচমছৰ মহাকাশচাৰী কিৰিল পেস্কোভ আৰু জেক্সা মহাকাশচাৰী টাকুয়া অনিছিক আই এছ এছলৈ লৈ আহিব ।

প্ৰত্যাহ্বানৰ সন্মুখীন মহাকাশচাৰী

পৃথিৱীলৈ ঘূৰি অহাৰ পূৰ্বে পৃথিৱীৰ পৰিৱেশৰ সৈতে সামঞ্জস্য গঢ়ি ৰাখিবলৈ সাজু হৈছে মহাকাশত আবদ্ধ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাচ্চ উইলম’ৰে ৷ দুয়োগৰাকী মহাকাশচাৰীয়ে এই অভিযানৰ অন্তৰ অন্যতম কঠিন প্ৰত্যাহ্বানৰ বাবে নিজকে সাজু কৰিছে বুলি জানিবলৈ দিছে ৷ অ’তদিনে মহাকাশত আবদ্ধ হৈ থকাৰ পাচত পৃথিৱীৰ মাধ্যাকৰ্ষণৰ সৈতে পুনৰ সামঞ্জস্য স্থাপন কৰিবলৈ নিজকে শাৰীৰিক-মানসিকভাৱে সাজু কৰি তুলিছে । মহাকাশত মাহৰ পিছত মাহ কটোৱাৰ পিছত মাধ্যাকৰ্ষণৰ প্ৰভাৱে তেওঁলোক উভতি অহাৰ লগে লগে সাধাৰণ গতিবিধিৰ পাচতো ভাগৰুৱা অনুভৱ কৰোৱাব ৷

‘আবদ্ধ’ হৈ থকাৰ দাবী নস্যাৎ কৰিলে মহাকাশচাৰীয়ে

ইফালে, কেবামাহৰ অন্তত মহাকাশচাৰীদ্বয় উভতি অহাৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগে বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ৷ এই চৰ্চাত বহুলভাৱে ইন্ধন যোগাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু কোটিপতি উদ্যোগী ইলন মাস্কৰ শেহতীয়া বক্তব্যই । একাংশ দাবীৰ পৰা অনুমান কৰা হৈছিল যে বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনৰ কাৰিকৰী সমস্যাৰ বাবে মহাকাশচাৰীসকল মহাকাশত “আবদ্ধ” হৈ আছে ।

এই দাবীসমূহৰ উত্তৰ দি উইলম’ৰে কয়, "সুনীতা আৰু মই যিকোনো পলমৰ বাবে ভালদৰে প্ৰস্তুত হৈ আছিলো । মই জানিছিলো যে এইখন এখন পৰীক্ষামূলক বিমান... আৰু সেয়েহে সেয়া কোনো আচৰিত কথা নাছিল ।"

19 মাৰ্চত দুয়োগৰাকী মহাকাশচাৰীয়ে পৃথিৱীলৈ উভতি আহিব বুলি নাছাই জনায়, য’ত তেওঁলোকে পৃথিৱীৰ সৈতে নিজৰ সামঞ্জস্য প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷ লগতে তেওঁলোকৰ ঐতিহাসিক পৰীক্ষামূলক অভিযানৰ অনুভৱ ভাগ-বতৰা কৰিব ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.