Wild Elephant Roamimg at Sukanjuri : ধূলিৰে ফাকু খেলিছে এজাক বন্যহস্তীয়ে

By

Published : Dec 3, 2021, 4:40 PM IST

thumbnail
যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰে’লৰ খুন্দাত অথবা চোৰাং চিকাৰীৰ কৱলত পৰি বহু বন্যহস্তীয়ে অতিশয় দুখজনকভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে, তেনে সময়তে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী এক বিশেষ অঞ্চলত দেখিবলৈ পোৱা গৈছে ইয়াৰ ওলোটা দৃশ্য ৷ বঢ়মপুৰৰ শুকানজুৰিৰ এখন কাঠনিবাৰীত আনন্দ মনেৰে ধূলিৰে সৈতে ফাকু খেলিছে এজাক বন্যহস্তীয়ে(Wild elephant roaming openly at Sukanjuri) । গাত ধূলি-মাটি চটিয়াই বনৰীয়া হাতীৰ জাকটোৱে কৰা ৰং-আনন্দ বন্দী হ’ল সাংবাদিকৰ কেমেৰাত । নাতিদূৰৈত বন্যহস্তী জাকৰ এই নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰে বহু স্থানীয় লোকে ৷ ইফালে নিৰ্ভয় মনেৰে নিজৰ মাজতে যেন বিভোৰ বন্যহস্তীৰ জাকটো ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.