নামদাঙত উদযাপন উৰুচ মোবাৰক - নামদাঙত উদযাপন ওৰচ মোবাৰক
🎬 Watch Now: Feature Video
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাং অঞ্চলত অৱস্থিত ধৰ্মীয় পীঠস্থান হ’ল বিবি মৰিয়ম ফাতেমা মাঝাৰ । প্ৰতি বছৰৰ দৰে এইবছৰো বৃহস্পতিবাৰে দিনটোত উদযাপিত হয় বছৰেকীয়া উৰুচ মোবাৰক ৷ পুৱাৰে পৰা ভিৰ পৰিলক্ষিত হৈছে এই পবিত্ৰ স্থানত ৷ প্ৰবাদ অনুসৰি ১৮৮০ চনত অহা ছৈয়দ বংশৰ কন্যা আছিল বিবি মৰিয়ম ফাতেমা । ঐশ্বৰিক গুণসম্পন্ন আছিল ফাতেমা । তেওঁৰ আশীৰ্বাদত দুৰাৰোগ্য ৰোগীও হৈছিল ৰোগমুক্ত । তেওঁৰ সমাধিত উপাসনা কৰিলে হয় মানুহৰ মনোকামনা পূৰ্ণ । বিজ্ঞানৰ যুগত এনে অন্ধবিশ্বাসৰ সত্যতাকলৈ প্ৰশ্ন আছে যদিও এটা কথা নিশ্চিত যে এই মাঝাৰৰ জৰিয়তে ক্ষণিকৰ বাবে হ’লেও পাহৰে ধৰ্মীয় সংকীৰ্ণতা ৷