thumbnail

অভয়াপুৰীত বন্তি প্ৰজ্বলনেৰে শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি আমছুৰ

By

Published : Jul 29, 2021, 6:12 PM IST

অসম-মিজোৰামৰ সীমান্ত বিবাদক কেন্দ্ৰ কৰি অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীয়ে নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত পাঁচজনকৈ অসম আৰক্ষীৰ জোৱান নিহত হৈছিল ৷ এই ঘটনাক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতীয় দল-সংগঠনে উক্ত ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে শ্বহীদ পাঁচজনকৈ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীত উত্তৰ শালমাৰা জিলা আমছুৱে বন্তি প্ৰজ্বলনেৰে শ্বহীদ আৰক্ষীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । উত্তৰ শালমাৰা জিলা আমছুৱে অসম আৰক্ষীক বৰ্বৰভাৱে আক্ৰমণ কৰা দুৰ্বৃত্তক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰক আহ্বান জনায় ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উত্তৰ শালমাৰা জিলা আমছুৰ সভাপতি বাহাৰুল ইছলামৰ লগতে আমছুৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.