ETV Bharat / lifestyle

কমেডী কুইন ভাৰতী সিঙৰ খুবেই প্ৰিয় এইবিধ নেপালী তিলৰ চাটনি...আপুনিও কৰিব পাৰে ট্ৰাই - SESAME CHUTNEY

তিলৰ পৰা তৈয়াৰী খাদ্য হয়তো আপুনি বহুবাৰ খাইছে কিন্তু কেতিয়াবা তিলৰ পৰা তৈয়াৰী চাটনি খাইছেনে ? আজি জানো আহক তিলৰ চাটনি তৈয়াৰ কৰাৰ সহজ ৰেচিপি-

Make spicy sesame chutney in Nepali style, recipe is going viral on social media
নেপালী ষ্টাইলত ঘৰতে বনাওক সোৱাদযুক্ত তিলৰ চাটনি, ছচিয়েল মিডিয়াত ভাইৰেল ৰেচিপি (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Jan 27, 2025, 4:57 PM IST

বৰ্তমান সামাজিক মাধ্যমত খুবেই ট্ৰেণ্ডত থকা এবিধ চাটনি হৈছে নেপালী ষ্টাইলৰ তিলৰ চাটনি যি কেৱল খাবলৈ সুস্বাদু হোৱাই নহয় স্বাস্থ্যৰ বাবেও সমানে উপকাৰী ৷ তিলৰ চাটনি এবিধ স্বাস্থ্যকৰ চাটনি ৷ তিলত কেলচিয়াম, আইৰণ আৰু এন্টিঅক্সিডেন্টকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ তিলৰ চাটনি স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী ৷ তিল খালে আমাৰ শৰীৰে বহু উপকাৰিতা লাভ কৰে পোৱা যায় । তিলৰ পৰা তৈয়াৰী খাদ্য হয়তো আপুনি বহুবাৰ খাইছে কিন্তু কেতিয়াবা আপুনি তিলৰ পৰা তৈয়াৰী চাটনি খাইছেনে ? কমেডিয়ান ভাৰতী সিঙে তেওঁৰ ইউটিউব চেনেলত অনুৰাগীৰ সৈতে বগা তিলৰ চাটনি শ্বেয়াৰ কৰিছে । যি ৰুটি, পৰঠা আৰু ভাতৰ সৈতে খাবলৈ খুবেই সুস্বাদু হয় । এই নেপালী ষ্টাইলৰ তিলৰ চাটনি বনোৱাৰ ৰেচিপি আপুনিও জানিব বিচাৰিছে নেকি ? তেন্তে পলম নকৰি এই চাটনি তৈয়াৰ কৰাৰ সহজ আৰু শুদ্ধ উপায় জানো আহক-

সামগ্ৰী

  • তিলৰ চাটনি বনাবলৈ প্ৰয়োজন হ’ব-
  • ২৫০ গ্ৰাম বিলাহী
  • ২০ৰ পৰা ২৫ টা নহৰুৰ কলি
  • ১ চামুচ বগা তিল
  • ১ চামুচ জাবৰাং
  • ৭ৰ পৰা ৮টা গোটা ৰঙা জলকীয়া
  • ১/৪ চামুচ হালধি
  • ১ চামুচ শুকান আমৰ গুড়ি
  • ৰুচি অনুসৰি নিমখ

পদ্ধতি ১

তিলৰ চাটনি বনাবলৈ প্ৰথমে কেৰাহীখন গেছত দি কম জুইত তিলখিনি শুকানকৈ ভাজি লওক ৷

পদ্ধতি ২

যেতিয়া তিলবোৰ সোণালী হৈ পৰে তেতিয়া প্লেট এখনত উলিয়াই ঠাণ্ডা হোৱালৈকে ৰাখিব ৷

পদ্ধতি ৩

এতিয়া কেঁচা জলকীয়া আৰু আদা সৰু সৰুকৈ কাটি লওক ৷

পদ্ধতি ৪

এতিয়া মিক্সাৰত কেঁচা জলকীয়া, আদা, নিমখ, তিল আৰু চেনি আদি সকলো উপাদান পিহি লওক ৷ পেষ্ট ডাঠ কৰিবলৈ অলপ পানী দিব পাৰে ৷

পদ্ধতি ৫

এতিয়া কেৰাহীত তেল গৰম কৰক ৷ এই তেলখিনিত পেষ্টখিনি দি ২ৰ পৰা ৩ মিনিট মান ৰান্ধক ৷ এতিয়া আপোনাৰ নেপালী ষ্টাইলৰ চাটনি সাজু হৈছে ৷

তিলৰ চাটনি খোৱাৰ উপকাৰিতা

তিলৰ চাটনি খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাই নহয় ই আমাৰ ছাল আৰু হাড়ৰ বাবেও উপকাৰী কাৰণ তিলত কেলচিয়াম, আইৰণ আৰু প্ৰ’টিন পোৱা যায় ৷

লগতে পঢ়ক

  1. Monsoon recipe: বাৰিষাকালত শ্বেফ নয়নজ্যোতি শইকীয়াৰ এই সহজ ৰেচিপিৰ সহায়ত ঘৰতে তৈয়াৰ কৰক সুস্বাদু মোমো
  2. হাত চেলেকি খাবলৈ বাধ্য হ’ব আপুনি: ঘৰতে এনেদৰে তৈয়াৰ কৰক এই কুকুৰা মাংসৰ আচাৰ
  3. ৰেষ্টুৰেন্টৰ দৰে সোৱাদ পাবলৈ এনেদৰে তৈয়াৰ কৰক পাউ ভাজি মচলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.