হায়দৰাবাদ: TRAI য়ে ভাৰতীয় টেলিকম কোম্পানীসমূহক তেওঁলোকৰ ব্যৱহাৰকাৰীসকলৰ বাবে কেৱল কলিং আৰু এছএমএছ প্লেন আৰম্ভ কৰিবলৈ কৈছিল, যাতে ব্যৱহাৰকাৰীয়ে বাধ্যতামূলকভাৱে ডাটা ক্ৰয় কৰিব নালাগে । এয়াৰটেল, জিঅ’ আৰু ভিয়ে TRAI ৰ নিৰ্দেশনা মানি চলি তেওঁলোকৰ কিছুমান পুৰণি প্লেন বন্ধ কৰি নতুন প্লেন আৰম্ভ কৰিলে য’ত ব্যৱহাৰকাৰীয়ে কেৱল আনলিমিটেড কলিং আৰু সীমিত এছএমএছৰ সুবিধা লাভ কৰে, কিন্তু খবৰ অনুসৰি ট্ৰাইয়ে কোম্পানীসমূহক তেওঁলোকৰ নতুন প্লেনৰ মূল্য হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়ে আৰু এতিয়া প্ৰথমে এয়াৰটেল আৰু তাৰ পিছত জিঅ’ই নিজৰ নতুন পৰিকল্পনাৰ মূল্য হ্ৰাস কৰি তালিকাভুক্ত কৰিছে । দুয়োটা কোম্পানীৰে নতুন প্লেন আৰু ইয়াত হোৱা পৰিৱৰ্তনৰ বিষয়ে জানো আহক --
জিঅ'ৰ নতুন কলিং প্লেন
458 টকাৰ প্লেন 448 টকালৈ হ্ৰাস
কিছুদিন পূৰ্বে জিঅ’ই কলিং আৰু এছএমএছৰ নতুন প্লেন মুকলি কৰিছিল, যাৰ মূল্য আছিল 458 টকা । এতিয়া মাত্ৰ কেইদিনমানৰ পিছত কোম্পানীয়ে এই নতুন প্লেনৰ মূল্য 50 টকা হ্ৰাস কৰিছে ৷ কোম্পানীয়ে এতিয়া এই প্লেন 448 টকাত মুকলি কৰিছে ।
অৱশ্যে ইয়াৰ সুবিধাৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই । এই মূল্যত কোম্পানীয়ে ব্যৱহাৰকাৰীক আনলিমিটেড কলিং আৰু 1000 এছএমএছৰ সুবিধা প্ৰদান কৰে যাৰ বৈধতা 84 দিনৰ । ইয়াৰ উপৰিও এই প্লেনৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে জিঅ’ চিনেমা, জিঅ’ এপ আৰু জিঅ’ ক্লাউডৰ সুবিধাও লাভ কৰে ।
1958 টকীয়া প্লেন 1748 টকালৈ হ্ৰাস
কিছুদিন পূৰ্বে জিঅ’ই নতুনকৈ মুকলি কৰা কলিং প্লেনৰ তালিকাত 365 দিনৰ বৈধতা থকা প্লেন মুকলি কৰিছিল, যাৰ মূল্য আছিল 1958 টকা । এতিয়া কোম্পানীয়ে এই প্লেনৰ মূল্য হ্ৰাস কৰিছে 210 টকা ৷ এতিয়া এই প্লেনৰ দাম 1748 টকা, কিন্তু Jio ই এই প্লেনৰ বৈধতা হ্ৰাস কৰিছে 365 দিনৰ পৰা 336 দিনলৈ ।
অৰ্থাৎ জিঅ’ৰ এই নতুন কলিং প্লেনে 1748 টকাত 336 দিনৰ বৈধতাৰ সৈতে আনলিমিটেড কলিং আৰু 3600 এছএমএছৰ সুবিধা প্ৰদান কৰিব । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে জিঅ’ টিভি, জিঅ’ চিনেমা (নন-প্ৰিমিয়াম) আৰু জিঅ’ ক্লাউডৰ সুবিধাও লাভ কৰিব এই প্লেনৰ সৈতে ।
ভোডাফোন-আইডিয়াৰ নতুন কলিং প্লেন
TRAI ৰ নিৰ্দেশনা অনুসৰি ভোডাফোন-আইডিয়া অৰ্থাৎ VI-য়েও একমাত্ৰ কলিং-এছএমএছ প্লেন মুকলি কৰে, যাৰ মূল্য 1460 টকা । এই প্লেনৰ জৰিয়তে কোম্পানীয়ে ইয়াৰ ব্যৱহাৰকাৰীসকলক 270 দিনৰ বৈধতা প্ৰদান কৰে আৰু এই সময়ছোৱাত 100 টা এছএমএছৰ সুবিধা প্ৰদান কৰা হৈছে সীমাহীন ভইচ কলিঙৰ সৈতে । এই পৰিকল্পনাৰ জৰিয়তে VI-এ ইয়াৰ ব্যৱহাৰকাৰীসকলক কোনো অতিৰিক্ত সুবিধা নিদিয়ে ।