কহিনুৰৰ বাকৰিত মঞ্চৰত্ন ৰতন লহকৰৰ পঞ্চম মৃত্যু বাৰ্ষিকী পালন - Ratan lahkar's death anniversary observes at Pathsala
🎬 Watch Now: Feature Video
আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ খনিকৰ ৰতন লহকৰৰ মৃত্যুৰ পাঁচটা বছৰ পাৰ হ'ল ৷ নিজ অমৰ সৃষ্টিৰ জৰিয়তে গুণমুগ্ধৰ মাজত সদা বিদ্যমান তেওঁ ৷ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক এক বিশেষ দিশ প্ৰদান কৰিছিল শিল্পী ৰতন লহকৰে ৷ সেয়ে পঞ্চম মৃত্যু তিথিত ভ্ৰাম্যমাণৰ মহীৰূহগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিলে গুণমুগ্ধই (Ratan lahkar's 5th death anniversary observe) ৷ নাট্য নগৰী পাঠশালাত শনিবাৰে মঞ্চৰত্ন ৰতন লহকৰৰ পঞ্চম মৃত্যু বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কৰা হ'ল স্মৃতিচাৰণ সভা ৷ ৰাইটাৰ্ছ ফৰৰাম উদ্যোগত কহিনুৰৰ বাকৰিত আয়োজিত হ'ল বিশেষ কাৰ্যসূচী ৷ উল্লেখ্য যে, এই সভাত বজালী জিলাৰ উপায়ুক্তৰ লগতে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ আৰু মুখ্যমন্ত্ৰী ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা(Jayanta malla Baruah present at Pathsala) । ইফালে অনুষ্ঠানত উপস্থিত থাকি ভ্ৰাম্যমাণ থিয়েটাৰৰ সাংস্কৃতিক জগতৰ ঐতিহাসিক ধাৰাতো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ যি কৰণীয় থাকিব তাক চৰকাৰ খনে যাব বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ৷