পুৰণিগুদামৰ ঐতিহাসিক দুৰ্গা পূজাস্থলীত চলিছে ব্যাপক প্ৰস্তুতি - লেৰেলা খনিক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 8, 2021, 5:30 PM IST

সমাগত দুৰ্গোৎসৱ, পাৰ হৈ গ'ল পবিত্ৰ মহালয়া । ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে দুৰ্গোৎসৱৰ প্ৰাক মূহুৰ্তত নগাঁও জিলাৰ পুৰণিগুদামতো দুৰ্গতিনাশিনী দেৱী দূৰ্গাৰ পূজাৰ আয়োজনক কেন্দ্ৰ কৰি দেখা গৈছে উচাহ ৷ অসমৰ প্ৰথমভাগ ঐতিহাসিক কাঠৰ প্ৰতিমা খ্যাত পূজাথলী খনত উদ্যোক্তা সকলৰ মাজত ব্যস্ততা বৃদ্ধি হোৱাৰ লগতে এক উখলমাখল পৰিৱেশে বিৰাজ কৰিছে চতুৰ্দিশে । উল্লেখযোগ্য যে, পুৰণিগুদামত কলংৰ বাকৰিত দুৰ্গোৎসৱ ভাগ ১৮৮৫ চনৰ পৰাই অনুষ্ঠিত হৈ আহিছিল যদিও ১৯০১ চনত শিল্পী লেশধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰে বাৰীৰে বেল কাঠেৰে মা-দুৰ্গাৰ কাঠৰ প্ৰতিমা ভাগ সাজি উলিওৱাৰ পিছৰে পৰা আজি পৰ্যন্ত ভক্তপ্ৰাণ ৰাইজে সেই প্ৰতিমা ভাগতেই প্ৰতি বছৰে দুৰ্গা পূজাৰ দিন কেইটাত আগবঢ়াই আহিছে পূজা-অৰ্চনা । ইতিমধ্যেই ১২০ বছৰ গৰকা ঐতিহাসিক কাঠৰ প্ৰতিমা ভাগক পুনৰ এই বছৰো পূৰ্বৰ দৰেই দুৰ্গা পূজাৰ প্ৰাক মূহুৰ্তত ৰং-তুলিকাৰেই মুখৰিত কৰি তুলিবলৈ চেষ্টা কৰিছে অমৰশিল্পী লেৰেলা খনিকৰৰ আজোনাতি যোগেন শৰ্মা নামই । সমান্তৰাল ভাৱে মণ্ডপ নিৰ্মাণৰ কামৰো চলিছে ভীষণ যো-জা । ইফালে শেহতীয়াকৈ চৰকাৰে ধাৰ্য কৰা ক'ভিড SOP পালন কৰি সুৰক্ষিত ভাৱে ভক্তপ্ৰাণ ৰাইজে যাতে দেৱী-মাক দৰ্শন তথা তেখেতৰ শ্ৰীচৰণত মুৰ দোৱাই আশীষ গ্ৰহণ কৰিব পাৰে তাক সুনিশ্চিত কৰিবৰ বাবে এই বছৰৰ পূজা পৰিচালনা সমিতি খনে বিশেষ সতৰ্ক দৃষ্টি ৰাখিব বুলি জানিবলৈ দিছে সংবাদ মাধ্যমক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.