বিশ্বাসঘাতক সুশান্তক এশিকনি দিয়ক : অজিত কুমাৰ ভূঞা - ৰাজনীতিক অজিত কুমাৰ ভূঞা
🎬 Watch Now: Feature Video
উপ-নিৰ্বাচন হ'ব লগা উজনিৰ থাওৰা সমষ্টি সকলো ৰাজনৈতিক দলৰ বাবে লক্ষ্য হৈ পৰিছে ৷ ৰাজ্যৰ হাইপ্ৰফাইল ৰাজনৈতিক নেতাৰে ভৰি পৰিছে থাওৰা ৷ দেওবাৰে থাওৰা সমষ্টিৰ প্ৰাণকেন্দ্ৰ ডিমৌত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা ৷ আগন্তুক উপ-নিৰ্বাচনৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী অধিবক্তা কৃষ্ণ গগৈৰ হৈ চি পি আই এম এলৰ সম্পাদক বিবেক দাসৰ সৈতে আঞ্চলিক গণমৰ্চাৰ এখন সভাত অংশ লোৱাৰ উপৰি এখন সংবাদমেলত ভাগ লয় সাংসদ গৰাকীয়ে ৷ সংবাদমেলত কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত সুশান্ত বৰগোহাঁয়ে কিয় উন্নয়ন কৰিব নোৱাৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে অজিত কুমাৰ ভূঞাই ৷ লগতে বিৰোধীত থাকিলে কিয় উন্নয়ন কৰিব নোৱাৰি বুলি কৈ প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপিৰ থাওৰা সমষ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক তীব্ৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷ ইয়াৰ উপৰি সাংসদ ভূঞাই কয়, অসমৰ বিজেপি দলটো এতিয়া কংগ্ৰেছৰ মানুহেৰে ভৰা ৷ গতিকে বিজেপি ব্ৰেকেটৰ ভিতৰত কংগ্ৰেছ ৷ এই আদৰ্শহীন ৰাজনীতিৰ বিপৰীতে মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠাৰ বাবে থাওৰা সমষ্টিবাসী ভোটাৰে বিশ্বাসঘাতক সুশান্তক এশিকনি দিয়ক ৷ সুশৃংখল বাওঁ ৰাজনৈতিক দলৰ চি পি আইৰ বলিষ্ঠ প্ৰাৰ্থী কৃষ্ণ গগৈক থাওৰাৰ পৰা জয়ী কৰাই মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ বৰ্ষীয়ান সাংবাদিক তথা ৰাজনীতিক অজিত কুমাৰ ভূঞাই থাওৰাবাসীক আহ্বান জনায় ৷