Preparation for Bhogali Bihu : ৰাতি দহ বজাৰ ভিতৰতে উৰুকাৰ ভোজ খাব ৰঙিয়াবাসীয়ে

By

Published : Jan 9, 2022, 1:28 PM IST

thumbnail

ৰাজ্য চৰকাৰৰ ক’ভিড সম্পৰ্কীয় নতুন SOP ওলোৱাৰ পিছতো ম্লান পৰা নাই ভোগালীৰ আনন্দ ৷ উৰুকাৰ নিশা দহ বজাৰ আগেয়ে ৰাইজে ভোজ খোৱা পৰ্ব সামৰাৰ লগতে নিশা কোনেও ভেলাঘৰত থাকিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে শুকুৰবাৰে প্ৰকাশ পোৱা ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনাত ৷ কিন্তু ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ পূৰ্বৰ দৰেই অব্যাহত আছে ভোগালীৰ প্ৰস্তুতি ৷ ৰঙিয়াবাসী ৰাইজো সাজু হৈছে মাঘ বিহুক লৈ (Preparation for Bhogali Bihu in Rangia) ৷ ৰঙিয়াৰ লেছাকোণা গাঁৱত এখন আল্ট্ৰা বাছৰ আৰ্হিত ভেলাঘৰ সাজিছে গাঁৱবাসীয়ে (Preparation for Bhogali Bihu at lesakona) ৷ তাৰ লগে লগে সাজি উলিয়াইছে প্ৰায় 25 ফুট উচ্চতাৰ মেজি ৷ বিহুৰ প্ৰস্তুতিৰ সমান্তৰালকৈ ক’ভিড-19 ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা SOP ক লৈয়ো সচেতন গাঁৱবাসী ৷ সকলোৱে নিৰ্ধাৰিত নিয়মানুসৰি ভোগালী বিহু পালন কৰিব বুলি জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.