thumbnail

By

Published : Oct 7, 2021, 10:11 AM IST

ETV Bharat / Videos

আকৌ ক'ত ওলাল প্লাষ্টিকৰ চাউল ?

বঙাইগাঁও জিলাৰ মাণিকপুৰ সমবায় সমিতিৰ অন্তৰ্গত ডোমপাৰা পুণ্ডিবাৰীত চৰকাৰে যোগান ধৰা খাদ্য সুৰক্ষাৰ চাউলত প্লাষ্টিকৰ চাউল ওলোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মাণিকপুৰ সমবায় সমিতিৰ পৰা ডোমপাৰা সুলভ মুল্যৰ দোকানী সৰ্বেশ্বৰ চৌধুৰীয়ে হিতাধিকাৰীৰ বাবে লৈ যোৱা চাউলবোৰত ওলাইছে প্লাষ্টিকৰ চাউল । সুলভ মূল্যৰ দোকানীৰ পৰা পুণ্ডিবাৰীৰ হাশমত আলীয়ে চাউল সংগ্ৰহ কৰি ঘৰত লৈ পিঠা বনোৱাৰ বাবে সিজোৱাৰ সময়তে চাউলখিনি প্লাষ্টিকৰ চাউল বুলি জানিব পাৰে । চৰকাৰে যোগান ধৰা চাউলত কেনেকৈ প্লাষ্টিকৰ চাউল ওলাল ইয়াকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে । ঘটনা সংক্ৰান্তত বিভাগীয় কৰ্তৃপক্ষক তদন্তৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.