নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ সেউজ ন্যায়াধীকৰণৰ সেউজ সংকেট - TULARAM GOGOI
🎬 Watch Now: Feature Video
এটা দীঘলীয়া আইনী পৰিক্ৰমাৰ অন্তত চলিত বৰ্ষৰ 31 জুলাই তাৰিখে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মানৰ সপক্ষে ৰায়দান দিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ দিল্লী বেঞ্চে ৷ এনে এক পৰিস্থিতিত এটা কথা স্পষ্ট যে, এটা পৰ্যায়লৈ সফল হৈছে বৃহৎ নদীবান্ধৰ পক্ষত থকা লবী ৷ কিন্তু এতিয়াও অন্তিম দুৱাৰ খোলা আছে দেশৰ উচ্চতম ন্যায়ালয়ৰ ৷ অসমবাসীৰ জীৱন আৰু সম্পত্তিত নিৰাপত্তাৰ স্বাৰ্থত সেউজ ন্যায়াধীকৰণৰ ৰায়দানক প্ৰত্যাহ্বানক জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা স্পষ্ট কৰি দিলে প্ৰাক্তন আছু নেতা তুলাৰাম গগৈয়ে ৷