ETV Bharat / state

৩০ বছৰীয়া সংগ্ৰামী ইতিহাসেৰে টাইপাৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ - TAYPA CENTRAL SESSION

১৯৯৫ চনৰ ১৬ জুলাইত গঠন হৈছিল টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা । বিগত ৩০ বছৰে জনগোষ্ঠীটোৰ হকে মাত মাতি আহিছে এই সংগঠনটোৱে ।

Tai Ahom Yuva Parishad Central Session
টাইপাৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 6:26 PM IST

মৰাণ: অসমৰ ইতিহাসত ৩০ বছৰীয়া সংগ্ৰামী ইতিহাস লিখিলে টাই আহোম যুৱ পৰিষদে । ১৯৯৫ চনৰ ১৬ জুলাইত প্ৰতিষ্ঠা লাভ কৰা টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় অধিৱেশন ঐতিহাসিক চৰাইদেউৰ ভজো মাজপথাৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । ৩২ খনকৈ পতাকা উত্তোলনেৰে আজিৰে পৰা সোণাৰিৰ ভজো মাজপথাৰত আৰম্ভ হ'ল টাইপাৰ কেন্দ্ৰীয় চৰাইদেউ অধিৱেশন ।

৫ জানুৱাৰীলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত এই অধিৱেশনত সংগঠনটোৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব । এই প্ৰতিনিধি সভাতেই সংগঠনৰ নেতৃত্ব ল'বলগা নতুন নেতৃত্ব বাচনি কৰা হ'ব । এই কেন্দ্ৰীয় অধিৱেশনতেই প্ৰস্তুত হ'ব জনগোষ্ঠীয় সংগঠনটোৰ ভৱিষ্যতৰ কৰ্মপন্থা । আজি শুভাৰম্ভণি অনুষ্ঠানত পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ লগতে সংগঠনৰ বিভিন্ন জিলাৰ পৰা অহা নেতা-কৰ্মীসকলে ।

টাইপাৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ (ETV Bharat Assam)

মৈদামৰ আৰ্হিত নিৰ্মাণ মূল তোৰণ :

ঐতিহাসিক চৰাইদেউ মৈদামৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনৰ মূল তোৰণ । সংগঠনটোৱে এই অধিৱেশনত নেতৃত্ব সলনি কৰিবলৈ প্ৰতিনিধি সভা অনুষ্ঠিত কৰি ভৱিষ্যৎ পৰিকল্পনা যুগুত কৰিব । অধিৱেশনস্থলীত গ্ৰন্থমেলা, বাণিজ্য মেলা, জনগোষ্ঠীয় খাদ্যমেলা আৰু বিভিন্ন প্ৰদৰ্শনী অনুষ্ঠিত হৈছে । এই অধিৱেশনত উপস্থিত থাকিব ৰাজ্যৰ কেইগৰাকী নেতা, বুদ্ধিজীৱীৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ সাংস্কৃতিক দলে । ভজোৰ মাজপথাৰত বিশাল মণ্ডপত অনুষ্ঠিত হোৱা অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা, সাজপাৰ প্ৰতিযোগিতা, বিশেষ বক্তৃতানুষ্ঠান, বাৰেৰহনীয়া জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰাৰ উপৰি যুৱ সমাৰোহ অনুষ্ঠিত কৰা হ'ব ।

অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে :

এই অধিৱেশনত প্ৰতিটো দিনতেই একোটাকৈ গুৰুত্বপূৰ্ণ বিষয়ত অনুষ্ঠিত হ'ব বক্তৃতানুষ্ঠান । বিশেষ বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিবলৈ বি বি চি এছিয়া পেচিফিকৰ এডিট'ৰিয়েল লীড শচীন গগৈ, নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অৰবিন্দ ৰাজখোৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহকাৰী অধ্যাপক ড৹ প্ৰাঞ্জল বুঢ়াগোহাঁইক আমন্ত্ৰণ জনোৱা হৈছে । সামৰণিৰ দিনটোত অনুষ্ঠিতব্য় মুকলি সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী, বিধায়ক তথা ৰাজ্যৰ প্ৰায়ভাগ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ,নাগালেণ্ডৰ বিশিষ্ট অতিথি উপস্থিত থাকিব ।

লগতে পঢ়ক:বৰ্ণিল কৃষ্টি প্ৰদৰ্শনেৰে অন্ত পৰিল টাই সাহিত্য অধিবেশনৰ - PURVANCHAL TAI SAHITYA SABHA

কুলধৰ শইকীয়াক 'সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা' প্ৰদান - LAKSHMINATH BEZBARUA AWARD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.