ETV Bharat / state

দেশক আগুৱাই নিয়াৰ নতুন ইঞ্জিন উত্তৰ-পূৰ্বাঞ্চল: ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ - NEW TRAINS FROM GUWAHATI

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত সংযোগ আৰু অধিক বৃদ্ধিৰ বাবে আজিৰে পৰা গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা আৰম্ভ হৈছে তিনিখন নতুন ৰে'ল ।

new trains from Guwahati
গুৱাহাটীৰ পৰা তিনিখন নতুন ৰে'লৰ শুভাৰম্ভণি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 6:31 PM IST

গুৱাহাটী/বঙাইগাঁও : "দেশক আগুৱাই নিয়াৰ নতুন ইঞ্জিন হ'ল উত্তৰ-পূৰ্বাঞ্চল ।" এই মন্তব্য কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত সংযোগ আৰু অধিক বৃদ্ধিৰ বাবে শুকুৰবাৰৰ পৰা গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা আৰম্ভ হৈছে তিনিখন নতুন ৰে'ল । আনহাতে, তেতেলিয়া পথ অ'ভাৰ ব্ৰীজৰো নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰা তিনিখন ৰে’ল হৈছে- গুৱাহাটী-উত্তৰ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও-গুৱাহাটী পেছেঞ্জাৰ আৰু তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছ ।

গুৱাহাটীৰ পৰা তিনিখন নতুন ৰে'লৰ শুভাৰম্ভণি (ETV Bharat Assam)

উল্লেখ্য যে নিউ বঙাইগাঁও-গুৱাহাটী পেছেঞ্জাৰ ৪ জানুৱাৰীৰ পৰা দৈনিক চলাচল কৰিব । এই ৰে'লখনে গুৱাহাটীৰ পৰা পুৱা ৭.৫৫ প্ৰস্থান কৰি সেইদিনা দুপৰীয়া ১২.১০ বজাত নিউ বঙাইগাঁৱত উপস্থিত হ'ব । ওভতনি যাত্ৰা নিউ বঙাইগাঁৱৰ পৰা দুপৰীয়া ২.৩০ বজাত প্ৰস্থান কৰি নিশা ৮ বজাত গুৱাহাটীত উপস্থিত হ'ব ।

আনহাতে, তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছৰ সেৱা ৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । ৰে'লখনে নাহৰলগুনৰ পৰা প্ৰতি বুধবাৰ, বৃহস্পতিবাৰ আৰু দেওবাৰে পুৱা ৭.৪৫ বজাত প্ৰস্থান কৰি দিনৰ ২ বজাত গুৱাহাটীত উপস্থিত হ'ব । ওভতনি যাত্ৰা প্ৰতি বৃহস্পতিবাৰ, শুকুৰবাৰ আৰু সোমবাৰে দিনৰ ৩.৩৫ বজাত প্ৰস্থান কৰি একেদিনাই নিশা ৯.৪৫ বজাত নাহৰলগুনত উপস্থিত হ'ব ।

একেদৰে গুৱাহাটী- উত্তৰ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ ৭ জানুৱাৰীৰ পৰা প্ৰতি মঙলবাৰ আৰু বুধবাৰে গুৱাহাটীৰ পৰা পুৱা ৯.৫০ বজাত প্ৰস্থান কৰি একেদিনাই আবেলি ৪.১৫ বজাত উত্তৰ লখিমপুৰত গৈ উপস্থিত হ'ব । ওভতনি যাত্ৰাত উত্তৰ লখিমপুৰৰ পৰা সন্ধিয়া ৫ বজাত প্ৰস্থান কৰি একেদিনাই নিশা ১১.২৫ বজাত গুৱাহাটী পাব ।

ৰে'লকেইখন উদ্বোধন কৰি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, "আজিৰ দিনটো পবিত্ৰ দিন । মা কামাখ্যাৰ ভূমিত আজি তিনিখন নতুন ৰে'লৰ শুভাৰম্ভ হৈছে । তিনিখনকৈ ৰে'লৰ শুভাৰম্ভ হোৱাৰ উপৰি বড়ো ভাইসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি এফ এম ষ্টেচন শুভাৰম্ভ কৰা হৈছে । লগতে জাগীৰোডত নেইলেট বিশ্ববিদ্যালয়ৰ শুভাৰম্ভ কৰা হৈছে ।"

তেওঁ লগতে কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ১০ বছৰ পূৰ্বে ৰে'লৰ বাজেট আছিল মাত্ৰ ২ হাজাৰ কোটি টকা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত তাৰ বাজেট হৈছে ১০ হাজাৰ কোটি টকা ।"

উল্লেখ্য যে গুৱাহাটী ৰে'লৱে ষ্টেচনত শুকুৰবাৰে আনুষ্ঠানিকভাৱে নতুন ৰে'ল সেৱাৰ শুভাৰম্ভণী অনুষ্ঠানত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও উপস্থিত থাকে ।

নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ বিশেষ যাত্ৰীবাহী ৰে'লৰ আনুষ্ঠানিক যাত্ৰা আৰম্ভ

শুকুৰবাৰে আনুষ্ঠানিকভাৱে আৰম্ভণি হয় নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ বিশেষ যাত্ৰীবাহী ৰে'লৰ যাত্ৰা । শুকুৰবাৰৰ পৰা দৈনিক নিউ বঙাইগাঁও জংচনৰ পৰা গুৱাহাটীলৈ বিশেষ যাত্ৰীবাহী ৰে'ল এখন ৰঙিয়া হৈ চলাচল কৰিব । গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰে ৰে'লখনৰ যাত্ৰা ।

আনহাতে, নিউ বঙাইগাঁও ৰে'লৱে ষ্টেচনত অনুষ্ঠানিকভাৱে এই ৰে'লখনৰ ফ্লেগঅফ কৰি শুভাৰম্ভ কৰে ৰঙিয়াৰ ডি আৰ এম নীৰজ গুপ্তা, জিলা আয়ুক্ত নৱদ্বীপ পাঠক, জিলা আৰক্ষী অধীক্ষক মোহনলাল মীনা, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাস প্ৰমুখে জিলাৰ অন্যান্য বিশিষ্ট ব্যক্তিসকলে ।

আবেলি ২.৩০ বজাত নিউ বঙাইগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিব ৰে'লখনে আৰু নিশা ৮ বজাত গুৱাহাটী পাব এই ৰে'লখন । আনহাতে, উক্ত ৰে'লখনে পৰৱৰ্তী দিনা পুৱা ৭.৫৫ বজাত গুৱাহাটীৰ পৰা নিউ বঙাইগাঁৱলৈ যাত্ৰা কৰিব ।

লগতে পঢ়ক :ধান ক্ৰয়ত বাৰম্বাৰ ব্যৰ্থ অসম চৰকাৰ : ২০২৪-২৫ বৰ্ষৰ লক্ষ্য ৫.৮০ লাখ টন - ASSAM PADDY PROCUREMENT
লগতে পঢ়ক :অভিশপ্ত ৩ জানুৱাৰী ! ১২ খন চিতাৰ সজল স্মৃতিয়ে এতিয়াও কন্দুৱাই অঞ্চলবাসীক - ONE YEAR OF DERGAON BUS ACCIDENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.