ঘন কুঁৱলীৰ বাবে বৰলুইতত আবদ্ধ যাত্ৰীবাহী ফেৰী - FERRY STRANDED IN DHUBRI

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 12:08 PM IST

ধুবুৰী : প্ৰচণ্ড শীতৰ কবলত পৰিছে অসম । শীত আৰু ঘন কুঁৱলীয়ে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে । তাৰ মাজতে বৃহস্পতিবাৰে নিশা ধুবুৰীত ব্ৰহ্মপুত্ৰত অঘটন । নিশাৰে পৰা ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ এখন যাত্ৰীভৰ্তি ফেৰী । ঘন কুঁৱলীৰ বাবে আবদ্ধ হৈ পৰে ফেৰীখন । যাৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । গোটেই নিশা ব্ৰহ্মপুত্ৰৰ মাজতে আবদ্ধ হৈ থাকিল অৰ্ধশতাধিক যাত্ৰী । যাত্ৰীসকলৰ ভিতৰত মহিলা আৰু কণ কণ শিশুও আছিল ।

জানিব পৰা মতে, ফেৰীখন দক্ষিণ শালমাৰাৰ সুখচৰৰ পৰা ধুবুৰী লৈ গৈ আছিল । বিয়লি প্ৰায় ৩ বজাতে সুখচৰৰ পৰা ধুবুৰী অভিমুখে যাত্ৰা কৰিছিল যাত্ৰীবাহী ফেৰীখন । সন্ধিয়া ৫ বজাত বংশীৰচৰ বিএছএফ কেম্পৰ কাষৰ বালিচৰত আবদ্ধ হৈ পৰে ফেৰীখন । কিন্তু যাত্ৰীসকলে প্ৰশাসনৰ সৈতে যোগাযোগ কৰাৰ পিছতো কোনো সঁহাৰি নিদিয়াৰ অভিযোগ কৰিছে যাত্ৰীসকলে ।

ক্ষোভিত এজন যাত্ৰীয়ে কৈছে, "ইয়াৰ ৰোগীয়া, কণ কণ শিশু গোটেইটো নিশা ইয়াত থাকিবলগীয়া হৈছে । জিলা প্ৰশাসন, আয়ুক্ত, অসম চৰকাৰ, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু মালিক সন্থা কোনোৱে ব্যৱস্থা গ্ৰহণ কৰা নাই । কোনো খবৰ কৰা নাই । ইয়াৰ পৰা চৰকাৰে কোটি কোটি টকা ৰাজহ পাইছে কিন্তু আমাৰ যাত্ৰীৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ কোনো ব্যৱস্থা নাই ।"

ইফালে নিশা দুখনকৈ সৰু ফেৰীৰে একাংশ আবদ্ধ যাত্ৰীক উদ্ধাৰ কৰা হয় যদিও বহু লোক অনাহাৰে পুৱালৈ ফেৰীখনতে আবদ্ধ হৈ থাকে । উদ্ধাৰকাৰী আন দুখন ফেৰীও ঘন কুঁৱলীৰ বাবে আবদ্ধ হৈ পৰে ।

লগতে পঢ়ক :খাৰঘূলিৰ জল বিস্ফোৰণ : ৪ টা পৰিয়াললৈ ১.২০ লাখ টকাকৈ ক্ষতিপূৰণ - PIPELINE BURSTS IN KHARGHULI

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.