ETV Bharat / state

পঞ্চায়ত নিৰ্বাচনৰ সময়ত বন্ধ হৈ যাব পাৰে ধোদৰ আলি ! - ALLEGATION OF CORRUPTION

আহোম ৰজা গদাধৰ সিংহৰ দিনত ধোদৰ দ্বাৰা নিৰ্মাণ কৰা ধোদৰ আলি পুনৰনিৰ্মাণৰ কাম এৰিলে নিৰ্মাণকাৰী সংস্থাই ।

Construction company quits construction work of Dhodar Ali
ধোদৰ আলি পুনৰ নিৰ্মাণৰ কাম এৰিলে নিৰ্মাণকাৰী সংস্থাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 6:41 PM IST

যোৰহাট: আহোম ৰজাৰ শাসনকালত ধোদৰ ভাও ধৰি কামৰ পৰা পলায়ন কৰা একাংশ লোকক বন্দী কৰি তেওঁলোকৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল ঐতিহাসিক ধোদৰ আলি । আহোম ৰজা গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা ধোদৰ আলি পুনৰ নিৰ্মাণৰ বাবে পুঁজি আৱন্টন দিছিল ৰাজ্য চৰকাৰে । অসম মালা আঁচনিৰ অধীনত ধোদৰ আলিক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰা হ'ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল ।

কিন্তু যোৰহাট, মৰিয়নী, গোলাঘাট আৰু শিৱসাগৰৰ নামতিলৈকে পথ নিৰ্মাণৰ নামত ঠায়ে ঠায়ে মাটি পেলাই দায়িত্ব সামৰিলে ঠিকাদাৰী প্ৰতিষ্ঠানে । পথ নিৰ্মাণৰ নামত এখোপ ওপৰলৈ গৈ ঠিকাদাৰী প্ৰতিষ্ঠানে পূবৰ পথটোত থকা কালভাৰ্টসমূহ ভাঙি আধাতে এৰি দিয়াৰ ফলত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে কেইবাজনো লোকৰ প্ৰাণহানি হৈছে । যাৰ ফলত এতিয়া ক্ষুব্ধ হৈ পৰিছে ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন ।

ধোদৰ আলি পুনৰ নিৰ্মাণৰ কাম এৰিলে নিৰ্মাণকাৰী সংস্থাই (ETV Bharat Assam)

এনেদৰে পথ নিৰ্মাণৰ কাম বন্ধ কৰি ৰাখিলে পঞ্চায়ত নিৰ্বাচনৰ সময়ত উক্ত পথেৰে সকলো নিৰ্বাচনী কাম-কাজত ব্যৱহৃত গাড়ী-মটৰৰ চলাচল বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে বিভিন্ন দল-সংগঠনে । শিৱ হাৰলালকা নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠান উক্ত পথ নিৰ্মাণৰ দায়িত্বত আছে । ৩৭নং ৰাষ্ট্রীয় ঘাইপথ সংযোগী গোলাঘাট , তিতাবৰ, যোৰহাট মৰিয়নী, আমগুৰি, নামতি, নাজিৰা, সোণাৰিৰ অসম-নাগালেণ্ড সীমান্ত হৈ নাহৰকটীয়াত অন্ত পৰা ধোদৰ আলি উজনি অসমৰ ব্যৱসায় ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ।

অসমৰ সম্পদ চাহপাত, কয়লা, খনিজ তেলৰ লগতে বহুতো মূল্যবান সামগ্রী সৰবৰাহ কৰাৰ লগতে দৈনিক হাজাৰ হাজাৰ গাড়ী-মটৰ, বাইক তথা স্কুল-কলেজৰ ছাত্র-ছাত্রী, ব্যৱসায়ী, চাকৰিয়াল আদিয়ে যাতায়ত কৰে । এই সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰি স্থানীয় এগৰাকী নেতাই কয়,"ধোদৰ আলি নিৰ্মাণৰ কাম ইতিমধ্যে দুবছৰ পূৰ্বে আৰম্ভ হৈছে । যিজন ঠিকাদাৰক দায়িত্ব দিয়া হৈছিল তেওঁ একেবাৰে কাম কৰিব নোৱাৰিলে । তেওঁ যিমান কালভাৰ্ট আছিল গোটেই কালভাৰ্টসমূহ খান্দি আধাখনীয়া কৰি গুছি গ'ল । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি পথছোৱা নিৰ্মাণ কৰি নিদিয়ে তেন্তে পঞ্চায়ত নিৰ্বাচনত পথছোৱা বন্ধ কৰি দিয়া হ'ব ।" পিছে ৰাইজ তথা দল-সংগঠনৰ এই আহ্বান শুনিবনে চৰকাৰে ?

লগতে পঢ়ক: অভিশপ্ত ৩ জানুৱাৰী ! ১২ খন চিতাৰ সজল স্মৃতিয়ে এতিয়াও কন্দুৱাই অঞ্চলবাসীক - ONE YEAR OF DERGAON BUS ACCIDENT

খাৰঘূলিৰ জল বিস্ফোৰণ : ৪ টা পৰিয়াললৈ ১.২০ লাখ টকাকৈ ক্ষতিপূৰণ - PIPELINE BURSTS IN KHARGHULI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.