জমুই (বিহাৰ): দাতাই দিলেও যেন বিধাতাই নিদিয়ে ! হাতত পোৱাৰ পিছতো হেৰুওৱাৰ বেদনা কিমান গভীৰ হ'ব পাৰে সেয়া ভুক্তভোগীৰ বাদে আনে বুজিব নোৱাৰে । বিহাৰৰ জমুইৰ এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ নতুন পদবীত যোগদানৰ ঠিক এদিন পূৰ্বেই অৱসৰ গ্ৰহণ কৰাৰ ঘটনাই এনে এখন ছবিকেই প্ৰতিফলিত কৰিছে । এই ঘটনাটো ঘটিছে জিলাখনৰ খাইৰা খণ্ডৰ প্লাছ টু হাইস্কুল শোভাখানত ।
অনিতা কুমাৰী নামৰ শিক্ষয়িত্ৰীগৰাকীক ভাগ্য়ই যেন উপহাস কৰিলে ! দক্ষতা পৰীক্ষাত উত্তীৰ্ণ হোৱা স্বত্বেও শিক্ষয়িত্ৰীগৰাকীয়ে ইয়াৰ সুবিধা ল'ব নোৱৰাৰ বাবে তেওঁ অনুশোচনাত দগ্ধ হয় । ২০০৬ চনৰ ডিচেম্বৰত অনিতা কুমাৰী নামৰ এগৰাকী মহিলা শিক্ষয়িত্ৰীয়ে জমুই জিলাৰ খাইৰা খণ্ডৰ শোভাখান প্লাছ টু হাইস্কুলত পঞ্চায়ত শিক্ষক হিচাপে যোগদান কৰে ।
২০১৪ চনৰ ৬ মাৰ্চত তেওঁ টেট উত্তীৰ্ণ হোৱাৰ পিছত উচ্চ বিদ্যালয়ৰ শিক্ষক হিচাপে যোগদান কৰে । যোৱা বছৰ অৰ্থাৎ ২০২৪ চনত তেওঁ এক দক্ষতা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ৩০ ডিচেম্বৰত এগৰাকী বিশেষ শিক্ষক হিচাপে সেৱা আগবঢ়োৱাৰ বাবে নিযুক্তি পত্ৰ লাভ কৰে । নিযুক্তি পত্ৰৰ আধাৰত অনিতা কুমাৰীয়ে ১ ৰ পৰা ৭ জানুৱাৰীলৈ বিদ্যালয়ত সেৱা আগবঢ়োৱাৰ কথা আছিল যদিও তেওঁ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে । কি কৰিব লাগে সেই বিষয়ে অনিতা নিজেই বিভ্ৰান্ত হয় । কিন্তু ৬০ বছৰ বয়স হোৱা বাবে তেওঁ যোগদান কৰাৰ এদিন আগতে অৱসৰ গ্ৰহণ কৰে । তেওঁক বিদ্যালয়তো বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
এই সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত অনিতা কুমাৰীয়ে কয়, "মই নিয়মীয়াভাৱে এখন চৰকাৰী বিদ্যালয়ত সেৱা আগবঢ়াই আহিছো । ভাল নম্বৰ লাভ কৰি দক্ষতা পৰীক্ষাত উত্তীৰ্ণ হোৱা স্বত্বেও এইটো মোৰ দুৰ্ভাগ্য যে যিদিনা মই নিযুক্তি পত্ৰ পাইছিলো তাৰ পিছদিনাই অৱসৰ লওঁ । মোৰ মনত সদায় এটাই খেদ থাকিব যে মই ৰাজ্যিক কৰ্মচাৰী হ'বলৈ সক্ষম নহ'লো ।"
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীয়ে পুনৰ কয়, "ইয়াক এক বিড়ম্বনা বুলিয়ে ভাবক । এইটো এক বিভাগীয় প্ৰক্ৰিয়া । ইয়াৰ ওপৰত কি কৰিব পাৰি, কিন্তু সন্তুষ্টি হৈছে যে মই মোৰ কাম ভালদৰে সম্পূৰ্ণ কৰিছো । অৱশ্যে এয়া মানি ল'বলৈ কঠিন হৈছে এই কাৰণে যে এদিনৰ বাবেও ৰাজ্যিক কৰ্মচাৰী হ'ব নোৱাৰিলে । "
একে সময়তে শোভাখান খাইৰা প্লাছ টু হাইস্কুলৰ প্ৰধান শিক্ষক নিৰ্ভয় কুমাৰে কয় যে বিভাগীয় নিয়ম অনুসৰি ৬০ বছৰ বয়স সম্পূৰ্ণ কৰাৰ পিছত অনিতা কুমাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে । মঙলবাৰে বিদ্যালয়ত এক অনুষ্ঠান অনুষ্ঠিত কৰি তেওঁক বিদায় জনোৱা হৈছে । এইটো দুখজনক আছিল যে তেওঁ ৩০ ডিচেম্বৰত নিযুক্তি পত্ৰ লাভ কৰে আৰু ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে ।
তেওঁ কয়, "অনিতা কুমাৰীয়ে আমাৰ বিদ্যালয়ত সংস্কৃত শিক্ষক হিচাপে কাম কৰি আছিল । সক্ষমতা ৱান পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ নতুন বিদ্যালয়ত সেৱা আগবঢ়োৱাৰ কথা আছিল, কিন্তু তাৰ পূৰ্বেই তেওঁ অৱসৰ লয় । তেওঁক বিদায় জনোৱাৰ বাবে মঙলবাৰে এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।"
ইপিনে, খাইৰা খণ্ড শিক্ষা বিষয়া মহেশ কুমাৰে এই সন্দৰ্ভত কয়,"শিক্ষা বিভাগৰ নিয়ম অনুসৰি এজন শিক্ষকে ৬০ বছৰ বয়সত অৱসৰ লয় । অনিতা কুমাৰীয়ে সক্ষম ৱান পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত নিযুক্তি পত্ৰ লাভ কৰে । কিন্তু ৬০ বছৰ বয়স হোৱা বাবে তেওঁ নতুন বিদ্যালয়ত সেৱা আগবঢ়োৱাৰ আগতে অৱসৰ গ্ৰহণ কৰে ।"