ETV Bharat / state

বিসম্বাদ-বিদ্ৰোহে নাপালে ঠাই, ধৃতি থাওচেনে আসন শুৱাই... - NEW PRESIDENT OF DIMA HASAO BJP

বিসম্বাদ-বিদ্ৰোহ অব্যাহত থকাৰ মাজতে ডিমা হাছাও জিলা বিজেপিৰ নতুন সভাপতি হিচাপে নিযুক্তি ধৃতি থাওচেনক ।

Dhriti Thaosen appointed as the new president of Dima Hasao district BJP amid the ongoing insurgency
বিসম্বাদ বিদ্ৰোহে নাপালে ঠাই, ধৃতি থাওচেনে আসন শুৱাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 7:15 PM IST

হাফলং: ডিমা হাছাও জিলা বিজেপিত তীব্ৰ বিসম্বাদ তথা ডিমা হাছাও বিজেপি বিদ্ৰোহৰ জুইত দহি থকাৰ সময়তে ডিমা হাছাও জিলাৰ নতুন সভাপতি হিচাপে নিযুক্তি লাভ কৰিলে উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত ধৃতি থাওচেনে । বিজেপিৰ ৰাজ্যিক নেতৃত্বই দেৱলালৰ ঘনিষ্ঠ ধৃতি থাওচেনক নতুন জিলা সভাপতি হিচাবে নিযুক্তি দি ডিমা হাছাও জিলা বিজেপিৰ বিসম্বাদী নেতাসকলক এক কৰাৰ বাৰ্তা প্ৰেৰণ কৰে ।

ইয়াৰ পৰা এটা কথা নিশ্চিত যি ডিমা হাছাও জিলা বিজেপিত শেষ কথা হৈছে দেবলাল গাৰ্লোচা । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা দেবলাল গাৰ্লোচাক অপসাৰণ কৰাৰ দাবীত বিজেপিৰ বিসম্বাদী নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰিলেও দেবলাল গাৰ্লোচাক যে মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰণ কৰা নহয় ঠিক যেন তেনে এক বাৰ্তাই দিলে বিজেপিৰ ৰাজ্যিক নেতৃত্বই ।

উল্লেখ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা দেবলাল গাৰ্লোচাক অপসাৰণ কৰিবলৈ বিজেপিৰ নেতা-কৰ্মীয়ে মুকলিকৈ বিদ্ৰোহ আৰম্ভ কৰিছে । দেবলাল গাৰ্লোচাৰ একনায়কত্ববাদৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি নৱবৰ্ষৰ পহিলা দিনটোৰে পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে বিজেপিৰ একাংশ কৰ্মকৰ্তাই ।

অনতি পলমে যদি দেবলাল গাৰ্লোচাক তেওঁৰ পদৰ পৰা অপসাৰণ কৰা নহয় তেনেহ'লে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ইয়াৰ ফল ভোগ কৰিব লাগিব বুলি শুকুৰবাৰে এখন সংবাদমেলত সকীয়াই দিয়ে প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰ আৰু বিজেপি নেতা জয়দেশ ফংলোৱে । ইফালে ৭ জানুৱাৰীত হাৰাংগাজাও মণ্ডল বিজেপিৰ উদ্যোগত দেবলাল গাৰ্লোচাৰ অপসাৰণৰ দাবীত হাফলঙত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলিও সংবাদমেলত উল্লেখ কৰে ।

লগতে পঢ়ক: দেবলাল গাৰ্লোচাক অপসাৰণৰ দাবীত ৭ জানুৱাৰীত পুনৰ প্ৰতিবাদ - CONFLICT IN DIMA HASAO BJP

চি ই এম ছাৰ, আমাক ইমান শাস্তি নিদিব আপোনাৰ পাপ লাগিব... - BJP WORKER PROTEST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.