ETV Bharat / state

আৰক্ষীৰ বিৰুদ্ধে অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগত উত্তাল মৰাণ, ঘাইপথ অৱৰোধ - PIG SLAUGHTER CONTROVERSY

উৰুকাত গাহৰি মাংস কটাৰ বাবে প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিবাদ । ঘাইপথ অৱৰোধ ।

Protest in Moran
মৰাণত ঘাইপথ অৱৰোধ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 20, 2025, 8:20 PM IST

মৰাণ : উৰুকাত গাহৰি মাংস কটাৰ বাবে হিন্দু যুৱকক এটা বিশেষ সম্প্ৰদায়ৰ যুৱকে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্য়াহত আছে । চৰাইদেউৰ মৰাণৰ খুমটাই সোণালী পথত সংঘটিত এই ঘটনাৰ প্ৰতিবাদত আজি সহস্ৰাধিক জনতাই কঁপালে ৰাজপথ ।

গাহৰি মাংস কাটি এক বিশেষ সম্প্ৰদায়ৰ যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত যুৱকক ন্যায় প্ৰদানত আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে জনালে প্ৰতিবাদ । এজাহাৰ দিয়াৰ পাছতো ন্যায় নাপালে ভুক্তভোগীয়ে । ফলত আজি গাহৰি মাংসক কেন্দ্ৰ কৰিয়েই ৰাইজে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ । মৰাণৰ খুমটাই সোণালী পথত সংঘটিত হোৱা এই ঘটনা পালেহি ৰাজপথ ।

মৰাণত ঘাইপথ অৱৰোধ (ETV Bharat Assam)

ৰেকিব আহমেদ, কদিৰ আহমেদ আৰু চাহিদ আহমেদ নামৰ তিনিজন যুৱকে চোকা অস্ত্ৰ লৈ ভেলাঘৰত থকা ক্ষীৰোদ চাংমাইক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ পিছতো আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ কৰি মৰাণৰ বহুকেইটা সংগঠন ক্ষুব্ধ হৈ পৰে । সোমবাৰে মহিলাসহ মৰাণৰ বহু কেইটা সংগঠনৰ সদস্যই ওলাই আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । হিন্দু ধৰ্মক আঘাত সনা কোনো লোককে ৰেহাই নিদিয়াৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ । আৰক্ষীয়ে ভুক্তভোগীক ন্যায় প্ৰদান নকৰা পৰ্যন্ত প্ৰতিবাদ চলি থাকিব বুলি হুংকাৰ প্ৰদান দল- সংগঠনৰ লগতে ভুক্তভোগী পৰিয়ালৰ ।

কি হৈছিল ভোগালী বিহুৰ উৰুকাৰ দিনা :

ভোগালী বিহুৰ উৰুকাৰ দিনা মৰাণৰ খুমটাই সোণালী পথত ভেলাঘৰৰ সন্মুখত গাহৰি কাটিছিল বিজেপি কৰ্মী তথা খিলঞ্জীয়া যুৱক ক্ষীৰোদ চাংমাইয়ে । সেই সময়তে ওচৰৰে দুজনমান বিশেষ সম্প্ৰদায়ৰ যুৱকে গাহৰি কটাত বাধা প্ৰদান কৰিছিল ক্ষীৰোদক । প্ৰথম অৱস্থাত ক্ষীৰোদ চাংমাইয়ে সেই কথা মানি লৈছিল । কিন্তু সেই দিনা নিশালৈ ৰেকিব আহমেদ,কদিৰ আহমেদ আৰু চাহিদ আহমেদে চোকা অস্ত্ৰ লৈ ভেলাঘৰত থকা ক্ষীৰোদক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে । এই ঘটনাৰ সন্দৰ্ভত মৰাণহাট আৰক্ষীক এহাজাৰ দাখিল কৰাত আৰক্ষীয়ে অভিযুক্তক আটক কৰে যদিও পিছত মুকলি কৰি দিয়ে । উত্থাপিত অভিযোগ অনুসৰি বৰ্তমান এই বিশেষ সম্প্ৰদায়ৰ যুৱক কেইজনৰ পৰা ক্ষীৰোদ চাংমাইৰ পৰিয়ালৰ লোক বাহিৰলৈ ওলাবলৈ ভয় কৰা হৈছে । যুৱক কেইজনে বিভিন্ন ধৰণে ভাবুকি দিছে পৰিয়ালটোক ।

ভুক্তভোগী পৰিয়ালৰ ক্ষোভ :

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভুক্তভোগী পৰিয়ালৰ সদস্য়ই কয়, "গাহৰি মাংস কটাৰ বাবেই অসমীয়া যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ পাছতো আৰক্ষীয়ে কি তদন্ত কৰিছে সেই কথা আমি গম পোৱাই নাই । আমি বিচাৰো দোষীয়ে শাস্তি পাওক যাতে ভৱিষ্যতে এনে ঘটনা নহয় ।"

এই ঘটনাই লজ্জিত কৰিছে:

এই প্ৰতিবাদত অংশগ্ৰহণ কৰি দল-সংগঠনৰ নেতৃত্বই ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী জনায় । আহোম জাতীয় গণমঞ্চৰ সহকাৰী সম্পাদক অকণ ভূঞাই এই সন্দৰ্ভত কয়, "মাঘ বিহুৰ উৰুকাৰ দিনাই সংঘটিত এই ঘটনাই অসমীয়া জাতিক লজ্জিত কৰিছে । ইয়াৰ পাছতো অভিযুক্তক থানাত অলপ সময় ৰাখি এৰি দিছে আৰক্ষীয়ে । অভিযুক্তই এতিয়া ভয়-ভাবুকি দিছে । আৰক্ষীয়ে উচিত ন্যায় প্ৰদান নকৰা বাবেই আজি ৰাইজ ৰাজপথলৈ আহিব লগা হৈছে । সম্প্ৰীতিৰ কথা কৈ থকাৰ সময়ত বিহুৰ দিনাই কিয় এনেকুৱা পৰিবেশ হ'বলৈ পালে তাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীৰ সঞ্চালকপ্ৰধানে গুৰুত্ব দিব লাগে ।"

লগতে পঢ়ক:উৰুকাত গাহৰি কটাৰ বাবেই প্ৰচণ্ড মাৰপিট - PIG SLAUGHTER CONTROVERSY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.