১ বহাগৰ পৰা আৰম্ভ জনগোষ্ঠীয় সমন্বয় পৰিষদৰ জৰীপঃ মমিনুল আৱাল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 10, 2021, 6:17 PM IST

জনগোষ্ঠীয় সমন্বয় পৰিষদে পহিলা বহাগৰ পৰা আৰম্ভ কৰিব জৰীপ । তিনি মাহৰ ভিতৰত জৰীপ প্ৰক্ৰিয়া শেষ কৰা হ'ব ৷ শনিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে মমিনুল আৱালে । তেওঁ কয় যে, চৰকাৰে গৰীয়া মৰিয়া দেশী জাতীয় জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত ফলপ্ৰসু নহ'ল । জনগোষ্ঠীটোৰ সমস্যাক আওকাণ কৰিছে চৰকাৰে । পহিলা বহাগৰ পৰা আৰম্ভ হ'বলগীয়া জৰীপৰ বাবে অহা তিনি মাহৰ ভিতৰত গৰীয়া-মৰিয়া জনগোষ্ঠীৰ লোকসকলে www.jspacensus.comৰ জৰিয়তে আবেদন কৰিব পাৰিব ৷ তিনি মাহৰ অন্তত খছৰা প্ৰকাশ কৰা হ'ব ৷ খছৰাত নাম নাহিলে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আবেদন কৰিব পাৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷ নাম অন্তৰ্ভুক্ত হোৱা প্ৰতিগৰাকী লোককে একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.