হোজাইত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত

By

Published : Oct 9, 2021, 12:18 PM IST

thumbnail
হোজাইত বন্যহস্তীৰ ত্ৰাস ৷ হোজাই জিলাৰ লংকা থানাৰ অন্তর্গত অকান্তু গাঁৱত এজাক বনৰীয়া হাতীৰ ত্ৰাসত আতংকৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে গাওঁবাসীয়ে ৷ জিলাখনত নিতৌ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ শুকুৰবাৰে নিশাও খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ এটা জাক অকান্তু গাঁনত প্ৰৱেশ কৰে ৷ গাঁওখনত প্ৰৱেশ কৰি হাতীৰ জাকটোৱে মমতাজ আলী, জামাল উদ্দিন আৰু শুকুৰ আলীৰ লগতে গাঁওখনৰ বহুকেইজনৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে ৷ ইয়াৰ লগতে কাছিম আলী নামৰ এজন লোকৰ দুই বিঘা মাটিৰ কল আৰু তামোলৰ বাগান ধ্বংস কৰে ৷ ভুক্তভোগী ৰাইজৰ অভিযোগ অনুসৰি, কাৰ্বি আংলঙৰ চৰকাৰী মাটিৰ উপৰেদি হাতী অহা-যোৱা কৰা পথত কাৰ্বি লোকসকলে বৈদ্যুতিক তাঁৰ সংযোগ কৰি ৰখাৰ ফলত বনৰীয়া হাতীৰ জাকটোৱে ৰাস্তা বিচাৰি নাপাই নদী পাৰ হৈ লংকাৰ অকান্তু গাঁৱত প্ৰৱেশ কৰে ৷ সেয়ে হাতীয়ে বিনষ্ট কৰা খেতিৰ ক্ষতিপূৰণ দিয়াৰ লগতে গঞা ৰাইজৰ সুৰক্ষাৰ সুব্যৱস্থা নিশ্চিত কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.