সোণতলীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই লৈছে কালৰূপ - brahmaputa river erosion

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 26, 2021, 3:44 PM IST

সোণতলীত ঠায়ে ঠায়ে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ (river bank erosion at boko) ৷ কাণসাৰ নাই চৰকাৰী পক্ষৰ ৷ কামৰূপৰ বকোত অন্তৰ্গত সোণতলীৰ গৰৈমাৰী বিলৰজানৰ ৰাইজে একেলগ হৈ গৰাখহনীয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে ৷ বাঁহৰ জেওৰাৰে বান্ধ দি গৰাখহনীয়া ৰোধৰ আপ্ৰাণ চেষ্টা ৰাইজৰ ৷ অঞ্চলটোত প্ৰতিদিনেই জাহ গৈছে বিঘাই বিঘাই কৃষি ভূমি ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত নিজৰ গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ জেওৰাৰে ব্ৰহ্মপুত্ৰৰ সোঁত সলাবলৈ চেষ্টা চলাইছে নৈপৰীয়া এইসকল লোকে ৷ বৰ্তমানৰ দৰে গৰাখহনীয়া অব্যাহত থাকিলে অনাগত দিনত বৃহত্তৰ সোণতলী অঞ্চল খহনীয়াত বিলুপ্তি হোৱাৰ সম্ভাৱনা আছে বুলি নৈপৰীয়া লোকে জানিবলৈ দিছে ৷ সেয়েহে, বিভাগীয় মন্ত্ৰী, স্থানীয় বিধায়িকাৰ দৃষ্টি আকৰ্ষণ কৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.